অসম কৃষি বিশ্ববিদ্যালয়ৰ ‘অভিলাসী আচনি’: ৫ উদ্ভাৱকলৈ ১ লাখ টকাকৈ পুৰস্কাৰ

ডিজিটেল ডেস্ক : আজি আঞ্চলিক কৃষি মেলাৰ দ্বিতীয় দিন । কৃষক আৰু কৃষি উদ্যোগীৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী আচনি । কৃষি আৰু অনুষংগিক খণ্ডৰ পাঁচটা শ্ৰেষ্ঠ উৎপাদন উন্নয়ন আধাৰ ধাৰণাৰ উদ্ভাৱকলৈ ১ লাখকৈ পুৰস্কাৰ।
কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰৰ লগত জড়িত শ্ৰেষ্ঠ উৎপাদন উন্নয়ন আধাৰ ধাৰণা উদ্ভাৱন কৰাসকলৰ বাবে অভিলাসী আচনি ঘোষণা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।এই আচনিৰ অধীনত সমন্বিত প্ৰযুক্তিৰে উত্তৰ পূৱ ভাৰতৰ কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ প্ৰকৃত সমস্যা সমাধানৰ বাবে পাচটা শ্ৰেষ্ঠ উৎপাদন উন্নয়ন আধাৰ ধাৰণাৰ উদ্ভাৱকক ১ লাখ টকাকৈ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰা হৈছে ।


আঞ্চলিক কৃষি মেলাৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত হোৱা উদ্যোগী সমাবেশত এই আচনিৰ বিষয়ে ঘোষণা কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । বিশ্ববিদ্যালয়ৰ কৃষি প্ৰযুক্তি উষ্মায়ক কেন্দ্ৰৰ জৰিয়তে এই ক্ষেত্ৰত আবেদন আহ্বান কৰাৰ বিষয়ে প্ৰকাশ কৰি তেখেতে লগতে কয় যে “কৃষি আৰু আনুসংগিক ক্ষেত্ৰত লক্ষ উচ্চ কৰি আগবাঢ়িব লাগিব । উদ্ভাৱনী ধাৰণা বহুত ডাঙৰ হব লাগিব বুলি কথা নাই ।কিন্তু ন ন উদ্ভাৱনী চিন্তাৰে উৎপাদনৰ জৰিয়তে আমি আগবাঢ়িব লাগিব । বজাৰত দখল লবলৈ বহল পৰিসৰত আগবাঢ়িব লাগিব ।কৃষিভিত্তিক সমস্যা সমাধানৰ বাবে আমি সকলোৱে আগবাঢ়িব লাগিব । ইয়াৰ বিপৰীতে কেৱল আচনিৰ সুবিধা বিচাৰিবলৈ গ’লে আমাৰ উদ্ভাৱনী মনটো অন্য দিশে যায় আৰু ফলশ্ৰুতিত প্ৰকৃত লক্ষপ্ৰাপ্তিৰ পৰা বহুত দুৰৈত ৰৈ যোৱা যায় । আমাৰ উত্তৰ পূৱৰ উদ্যোগী সকলে একেলগে একগোট হৈ উদ্ভাৱনৰ জৰিয়তে সুফল লাভ কৰিব পৰা যাব।”
অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে বক্তব্যত কয় যে আমাৰ আগত কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ জৰিয়তে আদৰ্শ দেখুওৱা অসম গৌৰৱ বটা লাভ কৰা সকলৰ সংগ্ৰামৰ জৰিয়তে দেখুওৱা সফলতা আমাৰ সকলোৰে বাবে আদৰ্শ । এইসকলৰ আদৰ্শৰে কৃষি খণ্ডৰ সৈতে জড়িত হৈ জীৱিকা অৰ্জনৰ দিশত আগবঢ়া সকল লাভান্বিত হৈ আগবাঢ়ি যাব পাৰে। অনুষ্ঠানত অসম গৌৰৱ বটাপ্ৰাপক উদ্যোগী মনোজ কুমাৰ বসুমতাৰীয়ে বক্তব্যত কয় যে গুণগত মাণদণ্ড উত্তম পৰ্যায়ত ৰাখি আগবাঢ়িব পাৰিলে সফলতা লাভ কৰিব পাৰি । নতুন নতুন মডেলৰ জৰিয়তে কাম আৰম্ভ কৰি সঠিকভাবে তত্বাৱধান কৰি গলে নিজৰ আত্মবিশ্বাস গঢ় দি সঠিক লক্ষত উপনীত হোৱাটো সহজ ।

এই অনুষ্ঠানত অসম গৌৰৱ কৌশিক বৰুৱা আৰু আকাশ জ্যোতি গগৈয়েও তেওলোকৰ ব্যৱসায়িক সফলতাৰ আৰৰ কাহিনীসমুহ ব্যক্ত কৰি নিজৰ অনুভৱ প্ৰকাশ কৰে । অনুষ্ঠানত কৃষক আৰু কৃষক উদ্যোগীৰ দুখনকৈ গ্ৰন্থও উন্মোচন কৰা হয় ।
তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই আঞ্চলিক কৃষি মেলাৰ আজি দ্বিতীয় দিনা এখন কৃষক ফৰামো অনুষ্ঠিত হয়। অসমৰ লগতে উত্তৰ পূৱৰ ৰাজ্যকেইখনৰ পৰা অহা নিৰ্বাচিত কৃষকসকলে এই ফৰামত অংশগ্ৰহণ কৰে ।

Assam Agriculture UniversityJorhat
Comments (0)
Add Comment