মিডিয়া ক্ৰিকেটত পুনৰ চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব। ফাইনেলত ১১ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক।

জিটেল ডেস্কঃ অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম আন্ত: মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অক্ষুন্ন ৰাখিলে গুৱাহাটী প্ৰেছ ক্লাৱে। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত গুৱাহাটী প্ৰেছ ক্লাৱে ১১ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক । টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা গুৱাহাটী প্ৰেছ ক্লাৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৩৮ ৰান। বেটিঙত গুৱাহাটী প্ৰেছ ক্লাৱৰ নয়ন প্রতিম কুমাৰে অপৰাজিত ৫৩ ৰান আৰু ৰবীন দাসে আগবঢ়াই ২০ ৰানৰ অৱদান। প্ৰত্যুত্তৰত মিডিয়া মেনেজমেন্টে ২০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১২৭ ৰান। বলিঙত গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ ৰবীন দাসে ৩টা, দিগন্ত গোস্বামী আৰু আবুদ্দিন খানে লাভ কৰে ২টা কৈ উইকেট। বেটিং আৰু বলিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা বিজয়ী গুৱাহাটী প্ৰেছ ক্লাৱৰ ৰবীন দাসে লাভ কৰে মেন অব দ্যা মেচ সন্মান। আনহাতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বেটাৰ হিচাপে নিৰ্বাচিত হয় গুৱাহাটী প্ৰেছ ক্লাৱৰ মৃগাংক শৰ্মা। প্ৰতিযোগিতাৰ শেষত বিশিষ্ট ক্ৰীড়াবিদ তৈবুন নিচা, টপচেম চিমেণ্টৰ শীৰ্ষ বিষয়া অনিল কাপুৰ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ, সুবোধমল্ল বৰুৱা আদিয়ে প্ৰদান কৰিলে বঁটা। উল্লেখযোগ্য যে উপৰ্যুপৰি দ্বিতীয়বাৰ বাবে এই প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰে গুৱাহাটী প্ৰেছ ক্লাৱে।

#CricketAssamDA News Plus
Comments (0)
Add Comment