এইবাৰ হলীউডৰ ছবিত আলিয়া ভাট

ডিজিটেল ডেস্কঃ প্ৰিয়ংকা ,দীপিকাৰ পিছত হলীউডত খোজ পেলাব আলিয়াই। হলীউডৰ ছবি ‘দ্য হার্ট অব স্টোন’ চিনেমাখনত দেখা যাব আলিয়াক। আলিয়া ভাটৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰিব গাল গেডট আৰু জেমি ডৰ্নানেও। স্পাই থ্ৰীলাৰ চিনেমাখনৰ জৰিয়তে আত্মপ্ৰকাশৰ বাবে সাজু হৈছে আলিয়া। ইতিমধ্যে আলিয়াৰ নতুন ছবি গংগুবাই কাঠিৱাবাড়ি যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছে। ছবিখনত আলিয়াই এগৰাকী যৌনকৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছে। আলিয়াৰ দুৰ্দান্ত অভিনয়ে দেশজুৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ বলিউডৰ পৰা হলীউডলৈ ঢাপলি মেলিছে মহেশ-কন্যাই। হলীউডৰ এই নতুন ছবিত অভিনয় কৰিব আলিয়াই। নতুন ছবিখন পৰিচালনা কৰিব টম হাৰ্পাৰে। আনুষ্ঠানিকভাবে এই কথা সদৰি কৰিছে নেটফ্লিক্সে।

ইতিমধ্যে প্ৰিয়ংকা চোপ্ৰা, ঐশ্বৰ্য ৰায় বচ্চন, অনিল কাপুৰ, ইৰফান খান আৰু আলী ফজলকে ধৰি কেইবাগৰাকী তাৰকাই হলীউডত অভিনয় কৰিছে।

ActressAlia BhattBollywoodDA News PlusHollywood
Comments (0)
Add Comment