অন্ত পৰিল কেইবামাহ জোৰা উৎকণ্ঠাৰ, কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী?

মাজুলীত গণতন্ত্ৰৰ উৎসৱ
প্ৰাৰ্থীসহিতে ভাগ ল’লে ১,৩৩,২২৭গৰাকী ভোটাৰে
ভোটদান কৰিয়েই কনফিডেণ্ট বিজেপি প্ৰাৰ্থী ভুবন গামৰ
জয়ক লৈ আশাবাদী বিৰোধী প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী

ডিজিটেল ডেস্কঃ কোন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী? ইয়াক লৈ মাজুলী বিধানসভা সমষ্টিত চলা ভোটদানৰ পিছত EVMত বন্দী হ’ল ৩ প্ৰাৰ্থীৰ ভাগ্য৷
১ লাখ ৩৩ হাজাৰ ২২৭গৰাকী ভোটাৰৰহাতত বন্দী হ’ল
ভুবন গাম, চিত্তৰঞ্জন বসুমতাৰী আৰু ভাইটি ৰিছঙৰ ভাগ্য

ভোটদানৰ দিনটোত ভোটদান কাৰ্য আৰম্ভ হোৱাৰে পৰা ভোটকেন্দ্ৰলৈ ওলাই আহিছে মাজুলীৰ ভোটাৰ৷
নিজ ভোটকেন্দ্ৰত সপত্নীক লৈ ভোটদান প্ৰাৰ্থী ভুবন গামৰ
ভোটদানৰ পূৰ্বে মাতৃৰ সমাধিৰ লগতে শিৱমন্দিৰত পূজা-অৰ্চনা

ভোটদান কৰিয়ে সমষ্টিটোৰ কেইবাটাও ভোটকেন্দ্ৰত উপস্থিত হৈ কনফিডেণ্ট হৈ পৰিছে বিজেপি প্ৰাৰ্থী ভুবন গাম৷ ভোটদানৰ দিনাও পুনৰ ভুবন গামৰ হিট ডাইলগ ৷
মোৰ কথা কম, কাম বেছি’
‘কথা নকওঁ, কাম বেছি কৰিম’

ইপিনে মাজুলী বিধানসভা সমষ্টিত নিজে ভোটদান কৰিব নোৱাৰিলেও ভোটগ্ৰহণৰ দিনটোতো মাজুলীবাসীৰ মাজত বিৰোধী প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী ৷ ভোটদানৰ দিনটোত ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈ ভোটাৰৰ মনৰ বুজ লোৱাৰ চেষ্টা বিৰোধী প্ৰাৰ্থীগৰাকীৰ ৷ চিত্তৰঞ্জন বসুমতাৰীৰ মতে

এয়া মাজুলীবাসীৰ সন্মানৰ যুঁজ
মাজুলীবাসীয়ে উচিত সিদ্ধান্ত ল’ব বুলি আশাবাদী চিত্তৰঞ্জন

ইপিনে হুইল চেয়াৰত আহি ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী ভুবন গামৰ পিতৃয়ে ৷ ভোটদান কৰি সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্তি কৰিলে প্ৰাৰ্থী গামৰ বৃদ্ধ পিতৃয়ে ৷
ইপিনে মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনত উন্মোচিত হ’ল আন এক তাৎপৰ্যপূৰ্ণ দিশ ৷
ভোটগ্ৰহণ কেন্দ্ৰত অধিক হাৰত মহিলা ভোটাৰ
শতাংশৰ হাৰতো ভোটদানত আগত আছে মহিলা ভোটাৰ

মুঠতে এমাহজোৰা উৎকণ্ঠাৰ অন্ত পৰিল ৷ হাইপ্ৰফাইল প্ৰচাৰ সভাই কঁপাই যোৱা মাজুলীৰ আকাশ লাহে লাহে স্তিমিত হোৱাৰ পথত ৷ ইতিমধ্যে প্ৰাৰ্থীসকলৰ ভাগ্য বন্দী হ’ল EVMত ৷ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে দাবী কৰি আহিছে বিজয়ৰ ৷ কিন্তু সকলো স্পষ্ট হ’ব ১০ মাৰ্চত৷

AssamDA News PlusMajuliMUNICIPALITY ELECTION
Comments (0)
Add Comment