শিক্ষাদানৰ অচিলাৰে কেনেকৈ জেহাদী হ’বলৈ শিকাইছে এইগৰাকী শিক্ষকে

ডিজিটেল ডেস্কঃ অসমত জেহাদীয়ে চলোৱা তৎপৰতাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলায় আছে নিৰন্তৰ অভিযান ৷ বাংলাদেশী নাগৰিকসহ বৰপেটাত ৫জেহাদীক গ্ৰেপ্তাৰৰ কৰি অধিক তথ্যৰ বাবে মাৰথন জেৰা চলাইছে আৰক্ষীৰ বিশেষ শাখাই ৷ পাঁচ জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিতে হাউলীৰ পৰা পুনৰ আন এগৰাকী শিক্ষকৰূপী জেহাদীক  গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইয়াৰ মাজতে জেহাদীৰ উত্থানক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে প্ৰাক্তন ডিজিপি জি এম শ্ৰীবাস্তৱে ৷

আৰক্ষীৰ জেৰাত জেহাদীৰ বিস্ফোৰক স্বীকাৰোক্তি
আৰক্ষীৰ জালত আন এটা শিক্ষকৰূপী জেহাদী
জেহাদীৰ সংস্থাপনত সহযোগিতা ধৃত জেহাদীৰ

দুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা পাঁচ জেহাদীক মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে ৷অসমত জেহাদীৰ পৰিকল্পনাক লৈ আৰক্ষীৰ বিশেষ শাখাইও সমান্তৰালভাৱে চলাইছে অভিযান ৷ আৰক্ষীৰ জেৰাত পাঁচ জেহাদীয়ে দিয়া স্বীকাৰুক্তিৰ ভিত্তিত পুনৰ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাউলী চহৰৰ হাজীপাৰা গাৱৰ মামিনুল ৰচিদক

ধৃত মামিনুল ৰচিদ বৰপেটাৰ হাউলীৰ যশিহাটী পাৰা গাৱৰ শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষৰূপী কৰ্মৰত আছিল ৷ উল্লেখ্য যে অসমত বাংলাদেশৰ পৰা আহি জেহাদৰ বীজ ৰোপন কৰা বাংলাদেশী নাগৰিক মহম্মদ সুমন নামৰ জেহাদীৰ সদস্যটো এইখন শিক্ষানুষ্ঠানতে ২০১৯ চনৰ পৰা শিক্ষকতা কৰিছিল ৷

মামিনুল ৰচিদ নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষগৰাকীক যোৱা নিশা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে  আৰক্ষীয়ে ৷
অসমত জেহাদীয়ে ভয়ংকৰ ঘটনা সংঘটিৰ কৰাৰ ব্লুপ্ৰিন্ট ৰচাৰ সময়তে জেহাদক লৈ প্ৰাক্তন ডিজিপি জিএম শ্ৰীবাস্তৱে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয় যে এই উগ্ৰপন্থাৰ সৈতে ধৰ্মক জৰিত কৰা উচিত নহয়। মুছলমান মৌলবাদী সংগঠনৰ উত্থানত অন্য কাৰকো আছে। বিশেষকৈ চৰকাৰে মাদ্ৰাছা শিক্ষাৰ আধুনিকীকৰণ কৰা উচিত বুলি মন্তব্য কৰে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া এনেদৰেই শিক্ষকৰ ৰূপত জেহাদী কাৰ্যকলাপ চলায় গৈছে একাংশ জেহাদীয়ে ৷ এই ধৰনৰ জেহাদী কাৰ্যকলাপ ৰোধিবলৈ অসম আৰক্ষীৰ লগতে স্থানীয় লোক সচেতন হোৱাৰ সময় সমাগত ৷

AssamDA News Plus
Comments (0)
Add Comment