কাইলৈ মাজুলীৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, মুঠ ৩ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে উপ-নিৰ্বাচনত

ডিজিটেল ডেস্কঃ কাইলৈ মাজলীত উপ-নিৰ্বাচন
ভোটকেন্দ্ৰলৈ ৰাওনা পুলিং বিষয়া

কাইলৈ মাজুলীত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ তাৰ বাবে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ ৷ দেওবাৰে জিলা সদৰৰ পৰা ভোটকেন্দ্ৰলৈ ৰাওনা হ’ল পুলিং বিষয়াসকল ৷ নিৰ্বাচনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷
২০৩টা ভোটকেন্দ্ৰত হ’ব ভোটদান
ইয়াৰে ৩টা আদৰ্শ ভোটকেন্দ্ৰ

পুৱা ৭ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
বিয়লিলৈ প্ৰায়বোৰ ভোটকেন্দ্ৰতে উপস্থিত হৈছে পুলিং বিষয়া, নিৰাপত্তাৰক্ষী ৷

উপ নিৰ্বাচনত ৩জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মাজুলীৰ ভোটাৰে
১,৩৩,২২৭জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য
পুৰুষ ভোটাৰ ৬৭,৮১৯, মহিলা ভোটাৰ ৬৫,৪০৮গৰাকী

১০ মাৰ্চত ঘোষণা হ’ব ফলাফল ৷ শনিবাৰে অন্ত পৰে নিৰ্বাচনী প্ৰচাৰ ৷ শাসক-বিৰোধী উভয় পক্ষই চলালে জোৰদাৰ প্ৰচাৰ৷ এতিয়া সকলো ভোটাৰৰ হাতত৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগে খালী কৰে মাজুলী বিধানসভাৰ আসনখন ৷ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ ভুবন গাম আৰু অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু SUCIৰ প্ৰাৰ্থী ভাইটি ৰিছঙে ৷

AssamDA News PlusElectionMajuli
Comments (0)
Add Comment