গুৰুতৰভাৱে অসুস্থ NSCN(IM)ৰ মুৰব্বী থুইংগালেং মুইভা

ডিজিটেল ডেস্ক: নগা বিদ্ৰোহী সংগঠন NSCN(IM)ৰ মুৰব্বী থুইংগালেং মুইভা গুৰুতৰভাৱে অসুস্থ, তেখেতক বৰ্তমান খ্ৰীষ্টিয়ান ইনষ্টিটিউট অব হেল্থ ছায়েন্স হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মুইভা হৰ্ঠাৎ অসুস্থ হৈ পৰাৰ সন্দৰ্ভত এতিয়ালৈকে NSCN(IM)ৰ তৰফৰ একো তথ্য প্ৰকাশ কৰা হোৱা নাই ।

অৱশ্যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৮৭ বছৰীয়া বিদ্ৰোহী নেতাজন। যোৱা বছৰ জুলাই মাহত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল মুইভা।

দীৰ্ঘদিনীয়া নাগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাৰ শীৰ্ষত থকা বিচ্ছিন্নতাবাদী নেতাগৰাকীৰ আৰূগ্য কামনা বিদ্ৰোহী সংগঠনৰ সদস্য সকলৰ।

#DA_News_PlusNSCN-IM leaderThuingaleng Muivah
Comments (0)
Add Comment