মণিপুৰত আজি দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

ডিজিটেল ডেস্ক: কঠোৰ নিৰাপত্তাৰ মাজতে শনিবাৰে পুৱা মণিপুৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয় । পুৱা ৭বজাৰে পৰা ৬ খন জিলাৰ মুঠ ২২ টা সমষ্টিত আৰম্ভ হোৱা এই ভোটগ্ৰহণ বিয়লি ৪ বজাত অন্ত পৰিব। মুঠ ৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি মণিপুৰত।

উল্লেখ্য যে, ২৮ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মণিপুৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি অন্ত পৰিব।পুৱাৰে পৰা বিভিন্ন ভোটকেন্দ্ৰত দেখা গ’ল কোভিড বিধি পালন কৰি ভোটদান কৰিবলৈ বৃহৎ সংখ্যক ভোটাৰৰ শাৰী। ২২৩ টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালিত হ’ল মহিলা ভোটগ্ৰহণ কৰ্মীৰ দ্বাৰা।

নিৰ্বাচন অনুষ্ঠিত হ’বলৈ যোৱা জিলাসমূহ হ’ল থৌবাল, চান্দেল, উখৰুল, সেনাপতি, তামেংলং আৰু জিৰিবাম। ২২ জন প্ৰাৰ্থীৰ ভিতৰত ১২ জন বিজেপিৰ, ১৮ জন কংগ্ৰেছৰ, ১১ জন নেচনেল পিপলছ পাৰ্টিৰ আৰু ১০ জনতা দল (ইউনাইটেড) আৰু নাগা পিপলছ ফ্ৰণ্টৰ। ২২৩ টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা ভোটগ্ৰহণ কৰ্মীৰ দ্বাৰা পৰিচালিত হৈ আছে।

DA News PlusElectionManipur
Comments (0)
Add Comment