যুদ্ধভূমিত আবদ্ধ ভাৰতীয়ক লৈ হাহাকাৰ, তাৰ মাজতে আশাৰ বতৰা !

ডিজিটেল ডেস্কঃ ভাৰতীয়ক উদ্ধাৰৰ অভিযানত ৰাছিয়া
ভাৰতীয়ক উদ্ধাৰৰ বাবে ১৩০খন বাছৰ ব্যৱস্থা কৰিছে ৰাছিয়াই
খাৰকীভ আৰু ছুমীৰ আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ অভিযান

অপাৰেচন গংগাৰে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে ভাৰত চৰকাৰে ৷ কিন্তু সেয়া পৰ্যাপ্ত নহয় ৷ ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হোৱা ইউক্ৰেইনত এতিয়াও কেইবাহাজাৰ ভাৰতীয় আবদ্ধ হৈ আছে ৷ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰপতি পুটনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপৰ পিছতে ৰাছিয়াৰ বিশেষ পদক্ষেপ ৷ খাৰকীভ আৰু ছুমীৰ পৰা আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে ৰাছিয়াই লৈছে এই পদক্ষেপ ৷ ইতিমধ্যে ৰাছিয়াই ১৩০খন বাছেৰে ভাৰতীয়সকলক উদ্ধাৰ কৰি ভাৰতলৈ ঘূৰাই পঠিওৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণক লৈ ভাৰতৰ স্থিতিতিক সমালোচনা কৰিছে আমেৰিকা আৰু পশ্চিম দেশে ৷

ভাৰতে দুমুখীয়া নীতি লোৱাৰ অভিযোগ আমেৰিকাৰ
আমেৰিকা বা পশ্চিমৰ দেশে যি অভিযোগেই নানক, ভাৰত চৰকাৰৰ এইমুহূৰ্তত প্ৰথম কাম হৈছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক সুকলমে উদ্ধাৰ কৰা ৷ এই লক্ষ্যৰে পদক্ষেপ লৈছে ভাৰত চৰকাৰে ৷ কিন্তু

ভাৰত এতিয়াও মস্কোৰ বিশ্বস্ত বন্ধু!
এই কথা প্ৰমাণ কৰাৰ চেষ্টা চলাইছে নেকি ৰাছিয়াই!
ইতিমধ্যে মস্কোত থকা স্পেচ ৰকেটত থকা বিভিন্ন দেশৰ পতাকা আঁতৰাই পেলাইছে পুটিন প্ৰশাসনে ৷ যিসকলে ৰাছিয়াৰ বিৰুদ্ধে নিন্দাসূচক প্ৰস্তাৱত ভোট দিছিল, তেওঁলোকৰ পতাকা এৰুৱাই দিয়া হয় ৷ কিন্তু ভাৰতৰ পতাকা বৰ্তমানেও তাত জিলিকি আছে৷ ভাৰতে বৰ্তমানলৈ মস্কোৰ বিৰুদ্ধে কোনো স্থিতি লোৱা নাই ৷ ভোটদানৰ পৰাও আন ৩৫খন দেশৰ সৈতে আঁতৰি থাকে ভাৰত ৷ কিন্তু বিশেষজ্ঞ মহলে সন্দেহ কৰিছে

মস্কোপ্ৰীতিয়ে ভাৰতক ভৱিষ্যতে বিপদত পেলাব নেকি?
সামৰিক চুক্তিৰ বাবে নতুন দিল্লীয়ে মস্কোৰ বিৰোধিতা নকৰাৰ অভিযোগ
সেয়া যিয়েই নহওঁক, অতীতত মস্কো ভাৰতৰ বিশ্বস্ত বন্ধু আছিল, সেয়া সকলোৰে জ্ঞাত৷ বৰ্তমান সময়ত ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে লৈছে কূটনৈতিক পদক্ষেপ৷ ভাৰতে বাৰে বাৰে যুদ্ধ এৰাই চলাৰ আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কুটনীতি আৰু আলোচনাৰে সমস্যা সমাধানৰ আহ্বান জনাইছে ৷

DA News PlusRescueRussia
Comments (0)
Add Comment