অস্ত্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু

ডিজিটেল ডেস্কঃ অস্ত্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণ আৰু নাই। শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় ক্ৰিকেটাৰগৰাকীয়ে। জানিব পৰা অনুসৰি ৫২ বছৰ বয়সত মৃত্যু হয় ক্ৰিকেটাৰগৰাকীৰ।

উল্লেখ্য যে, ক্ৰিকেটাৰগৰাকী নিজৰ বলীং শৈলীৰ বাবে ক্ৰীড়াপ্ৰেমীসকলৰ মাজত বিশেষভাৱে চৰ্চিত। নিজৰ গৃহত ক্ৰিকেটাৰগৰাকীক অচেতন অৱস্থাত পোৱাৰ পিছতে চিকিৎসা কৰা হৈছিল যদিও তেওঁক ৰক্ষা কৰিবলৈ অক্ষম হয়।

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু কিংবদন্তী খেলুৱৈগৰাকীৰ। মৃত্যুৰ সময়ত শ্বেন ৱাৰ্ণৰ বয়স হৈছিল ৫২ বছৰ। থাইলেণ্ডত মৃত্যু হৈছে প্ৰসিদ্ধ ক্ৰিকেটাৰজনৰ। ১৪৫খন টেষ্টত ৭০৮টা উইকেট দখল শ্বেন ৱাৰ্ণৰ।

টেষ্টত ২য় সৰ্বাধিক উইকেট দখলকাৰী শ্বেন ৱাৰ্ণ। এদিনীয়াত ২৯৩টা উইকেটত দখল কৰিছিল তেওঁ। ২০০০ত শতিকাৰ ৫ শ্ৰেষ্ঠ খেলুৱৈৰ ভিতৰত স্থানত লাভ। ২০১৩ত ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল শ্বেন ৱাৰ্ণে। থাইলেণ্ডত অৱসৰ বিনোদনত ব্যস্ত আছিল তেওঁ।

DA News PlusDeathShane Warne
Comments (0)
Add Comment