অসম কৃষি বিশ্ববিদ্যালয়ত উত্তৰ পূব ভাৰতৰ প্ৰথমটো ফ্ৰাইট’ট্ৰন প্ৰকল্প মুকলি

ডিজিটেল সংবাদ, যোৰহাটঃ উত্তৰ পূব ভাৰতৰ প্ৰথমটো অত্যাধুনিক ফ্ৰাইট’ট্ৰন প্ৰকল্প মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ত মুকলি কৰা হয়। ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ পুঁজিৰে নিৰ্মাণ কৰা এই অত্যাধুনিক ফ্ৰাইট’ট্ৰন প্ৰকল্প মুকলি কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই।

মুকলি অনুষ্ঠানটোত বক্তব্যত তেখেতে কয় যে, এই প্ৰকল্পটো এটা ৰাষ্ট্ৰীয় সম্পদ। কৃষি জৈৱ প্ৰযুক্তিবিদ্যা আৰু গৱেষণাৰ বাবে স্থাপন কৰা এই প্ৰকল্পই উত্তৰ পূব ভাৰতৰ কৃষি গৱেষণাৰ দিশত গৱেষক তথা শিক্ষাৰ্থী সকলক যথেষ্ট উপকৃত কৰিব পাৰিব। তেখেতে লগতে কয় যে, এই প্ৰকল্পটোৱে পৰিবৰ্তিত পৰিস্থিতিত সজীৱ শস্যৰ প্ৰতিক্ৰিয়া সম্পৰ্কে গৱেষণা কৰাৰ লগতে কলাকৰ্ষণৰ ক্ষেত্ৰতো সহায় কৰিব।

তেখেতে লগতে কয়, বিশ্ববিদ্যালয়ৰ উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ জৰিয়তে স্থাপন কৰা প্ৰকল্পটো সম্পৰ্কত বিশ্ববিদ্যালয়ৰ উত্তৰ পূব জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত কুমাৰ শৰ্মাই কয় যে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস তথা চতুৰ্থ বৈজ্ঞানিক পৰামৰ্শমুলক সমিতি (এছ এ ছি ) ৰ লগত সংগতি ৰাখি মুকলি কৰা এই প্ৰকল্পই শস্য জৈৱ প্ৰযুক্তিবিদ্যাৰ গৱেষণাক যথেষ্ট গুৰুত্ব তথা উদ্গনি জনাব। প্ৰায় ৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা উত্তৰ পূৱ ভাৰতৰ এইটো প্ৰথমটো নিয়ন্ত্ৰিত ভাবে উদ্ভিদ বিকাশ প্ৰকল্প। এই প্ৰকল্পটো অঞ্চলটোৰ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ- ছাত্ৰী তথা সকলোৱে ব্যৱহাৰ কৰিব পাৰিব।

এই অনুষ্ঠানত জৈৱ প্ৰযুক্তি বিদ্যাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ড° এম আছলাম, ড° টি মদন মোহন আৰু শস্য জৈৱপ্ৰযুক্তিবিদ্যাৰ বিশেষজ্ঞসকল কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ ৰ লগতে আৰু বিশ্ববিদ্যালয়ৰ কেবাজনো বিভাগীয় মুৰব্বী আৰু গৱেষক উপস্থিত থাকে। বৈজ্ঞানিক পৰামৰ্শমুলক সমিতি (এছ এ ছি )ৰ অধ্যক্ষ ড: টি জে ভি হিগিন্স উদ্ধোধনী অনুষ্ঠানত দুৰসভাৰ জৰিয়তে উপস্থিত থাকি বক্তব্যত কয় যে এই প্ৰকল্পই এক সময়োপযোগী বিকাশ আৰু লগতে জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ ফালৰ পৰা প্ৰকল্পটোৰ সৰ্বাধিক মুল্য আদায় কৰিব পাৰিব।

AssamAssam_Agricultural_UniversityDA News Plus
Comments (0)
Add Comment