চুপাৰি কিলাৰ লগাই হত্যা কৰা হৈছিল নেকি অৱধেশ কুমাৰ যাদৱক?

ডিজিটেল ডেস্কঃ মহানগৰীৰ ছাত্ৰীবাৰীত ব্যৱসায়ী হত্যাৰ নতুন মোৰ। চুপাৰি কিলাৰ লগাই অৱধেশ কুমাৰ যাদৱক হত্যাৰ সন্দেহ। বিহাৰৰ ডব্লিউ যাদৱ নামৰ এজন লোকৰ বিৰুদ্ধে অভিযোগ। মৃত অৱধেশ কুমাৰ যাদৱৰ পৰিয়ালৰ এই গুৰুতৰ অভিযোগ। বিহাৰৰ চিমৰাগাঁৱৰ গাঁওবুঢ়া অভিযুক্ত ডব্লিউ যাদৱ। ডব্লিউ যাদৱৰ ৩ ভাতৃ চুপাৰি কিলাৰ বুলি অভিযোগ।

অৱধেশ কুমাৰ যাদৱৰ পৰিয়ালৰ লোকৰ এই অভিযোগ। মাটি-বাৰীৰ বাবেই ৩ ভাতৃক হত্যা কৰাৰ অভিযোগ। গুৱাহাটীত হত্যা এজনক, পূৰ্বে বিহাৰত হত্যা ২ ভাতৃক। বিহাৰৰ সমষ্টিপুৰ জিলাৰ চিমৰাগাঁৱৰ নিবাসী পৰিয়ালটো। যোৱানিশা ছাত্ৰীবাৰীত গুলীয়াই হত্যা অৱধেশ কুমাৰ যাদৱক।

ব্যৱসায়ীজনক গুলীয়াই সমগ্ৰ পথছোৱাত সন্ত্ৰাস দুৰ্বৃত্তৰ। পথছোৱাত শূন্যলৈ গুলীচালনা কৰি পলায়ন দুৰ্বৃত্তৰ। অৱধেশ কুমাৰ যাদৱৰ হত্যাত চিনাকি লোক জড়িতৰ সন্দেহ। এক সূত্ৰৰ মতে ব্যৱসায়ীজনক ফোন কৰি মাতিছিল দুৰ্বৃত্তই। ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই মাতি অনা বুলি প্ৰকাশ।

CityDA News PlusFiring
Comments (0)
Add Comment