অসমত স্থাপন হ’ব ইণ্ডিয়ান অইলৰ মুখ্য কাৰ্যালয়

ডিজিটেল ডেস্কঃ অসমলৈ অনা হ’ল ইণ্ডিয়ান অইলৰ মুখ্য কাৰ্যালয়। গুৱাহাটীৰ বামুণীমৈদামত স্থাপন হ’ব স্থায়ী কাৰ্যালয়। ইতিমধ্যে ৰাজ্য চৰকাৰে আগবঢ়াইছে ৭ বিঘা মাটি। বৰ্তমান ভঙাগড়ত এটা ভাৰাঘৰৰ পৰাই চলিব কামকাজ।

উত্তৰ গুৱাহাটীত এই মন্তব্য পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। LPG বটলিং প্লাণ্ট পৰিদৰ্শন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। পেট্ৰ’লত ইথানল মিশ্ৰণ সন্দৰ্ভতো মন্তব্য মন্ত্ৰী তেলীৰ। ইথানলক লৈ কোনো শংকাৰ কাৰণ নাই বুলি মন্তব্য কৰে ৰামেশ্বৰ তেলীয়ে।

‘২০২৫ৰ ভিতৰত দেশে প্ৰস্তুত কৰিব ২০% ইথানল বাইণ্ডিং তেল’। ‘কুঁহিয়াৰ, বাঁহ, খেৰ, চাউল, ধানখেৰৰ পৰাও প্ৰস্তুত হ’ব ইথানল’। অসমত চাউলৰ পৰা ইথানল প্ৰস্তুত কৰাৰ চিন্তা-চৰ্চা মন্ত্ৰী তেলী।

৭টা কোম্পানীৰ লগত চৰকাৰৰ চুক্তি হোৱা জনালে মন্ত্ৰীজনে। ডিগবৈ শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য কেন্দ্ৰৰ। ডিগবৈ শোধনাগাৰৰ উৎপাদন ক্ষমতা ১ মিলিয়নলৈ বৃদ্ধিৰ লক্ষ্য।

DA News PlusOfficeOIL
Comments (0)
Add Comment