কেৱল ৫০ টা চৰ খাওক ! তাৰ পাছতেই আপুনি হৈ পৰিব উজ্জ্বল ছালৰ অধিকাৰী

ডিজিটেল ডেস্কঃ মহিলা তথা যুৱতীসকলে নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লোৱা দেখা যায়। কিন্তু পৃথিৱীৰ এনে এখন ঠাই আছে য’ত সৌন্দৰ্য বৃদ্ধিৰ এক অদ্ভুত প্ৰণালী প্ৰচলিত হৈ আহিছে। দক্ষিণ কোৰিয়াৰ এই চিকিৎসা প্ৰণালীত চৰ সোধাই মহিলা তথা যুৱতীৰ সৌন্দৰ্য বৃদ্ধি কৰা হয় দক্ষিণ কোৰিয়াত স্লেপ থেৰাপী বুলি কোৱা হয়।

য’ত মহিলাসকলে তেওঁলোকৰ সৌন্দৰ্য বঢ়াবলৈ প্ৰতিদিনে ৫০ টাকৈ চৰ খাই আহিছে। এইটো বিশ্বাস কৰা হয় যে এই থেৰাপীয়ে ছাল উন্নত কৰে। ই মহিলাসকলক পূৰ্বতকৈ আৰু অধিক ধুনীয়া কৰি তোলে।

অৱশ্যে, স্লেপ থেৰাপীৰ অৰ্থ এইটো নহয় যে কাৰোবাক জোৰকৈ চৰ মাৰিব লাগে। ইয়াৰ সলনি গালত লাহে লাহে আৰু পাতল হাতেৰে চৰ মৰা হয়। মহিলাসকলে এই চিকিৎসা প্ৰণালীত কোমল হাতেৰে চৰ মাৰে। ইয়াৰ ফলত লাহে লাহে চৰ মাৰি, ৰক্ত সঞ্চালন হোৱাত সহায় কৰে। যদিও এই চিকিৎসা প্ৰণালী প্ৰাচীন কালৰ পৰা দক্ষিণ কোৰিয়াত প্ৰচলিত, কিন্তু লাহে লাহে ই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। দক্ষিণ কোৰিয়াৰ লোকসকলে বিশ্বাস কৰে যে, যেতিয়া এই চিকিৎসা প্ৰণালীৰ জৰিয়তে গালত চৰ সোধোৱা হয়, তেতিয়া মুখৰ প্ৰতিটো অংশত তেজৰ প্ৰবাহ বৃদ্ধি হয়। ই ছাল পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। চৰ মাৰিলে, মুখত তেজ সতেজ ভাৱে বৈ যায়। ই মুখখন উজ্জ্বল কৰি তোলে।

মহিলাৰ উপৰিও, দক্ষিণ আফ্ৰিকাৰ পুৰুষসকলেও এই চিকিৎসা ব্যৱহাৰ কৰে। কোৰিয়াৰ লোকসকলে বিশ্বাস কৰে যে যদি এই চিকিৎসা প্ৰণালী সঠিকভাৱে ব্যৱহাৰ কৰা হয়, ছালখন দীঘলীয়া সময়ৰ বাবে সতেজ কৰি ৰাখিব পাৰি। এই কাৰণে ইয়াক ‘এণ্টি-এজিং থেৰাপী’ বুলিও কোৱা হয়।

DA News Plus
Comments (0)
Add Comment