সুখবৰ! ছবিগৃহলৈ আহি আছে ‘হিৰো’


ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে সু-খবৰ। অহা ২৬ ফেব্ৰুৱাৰীত মুক্তিলাভ কৰিব অসমীয়া ছবি ‘হিৰো’ই৷ হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত মুক্তি পাব লগা ছবিখনৰ পটভূমি এগৰাকী যুৱকৰ বাস্তৱ কাহিনী।

উল্লেখযোগ্য যে ‘হিৰো’ৰ চিত্ৰনাট্য আৰু সংলাপ মহৰ্ষি তুহিন কাশ্যপ আৰু পৰিচালনা দাসৰ। ছবিখনত নবীন-প্ৰবীণ বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰী সমাহাৰ ঘটিছে। বিশেষকৈ অভিনয়ত অৰুণ হাজৰিকা, সিদ্ধাৰ্থ মুখাৰ্জী, জ্যোতি নাৰায়ণ নাথ প্ৰমুখ্যে ছবি মূল চৰিত্ৰত অভিনয় কৰিছে নৱ প্ৰজন্মৰ চন্দন দাস আৰু সন্ধ্যা হাজৰিকাই। অহা ২৬ ফেব্ৰুৱাৰীত জ্যোতি চিত্ৰবনত প্ৰথম তিনিটা দৰ্শনী প্ৰদৰ্শিত হ’ব।

AssamesefilmDA News PlusHeroMovie
Comments (0)
Add Comment