ফুলসজ্জাৰ নিশা কিয় গোলাপ ফুল ব্যৱহাৰ কৰা হয়?

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত বিবাহৰ মণ্ডপ সজ্জাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কামত গোলাপ ব্যৱহাৰ হয়।আনকি ফুলসজ্জাৰ নিশাও দম্পতীহালৰ কোঠাটো গোলাপ ফুলেৰে আতক ধুনীয়াকৈ সজাই তোলা হয়।ইয়াৰ আঁৰত আছে কিছু বিশেষ কাৰণ।

গোলাপৰ গোন্ধটো মানুহৰ মনোভাৱৰ সৈতে যথেষ্ট সম্পৰ্ক আছে। গোলাপ ফুলক সমগ্ৰ বিশ্বতে প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়।প্ৰেম নিবেদন কৰোতেও গোলাপ ফুল ব্যৱহাৰ কৰা হয়।

আয়ুৰ্বেদ শাস্ত্ৰৰ মতে গোলাপ হৈছে প্ৰাকৃতিক কামোদ্দীপক। ইয়াৰ গোন্ধে শৰীৰৰ অৱসাদ আঁতৰ কৰে আৰু শৰীৰক সক্ৰিয় অনুভৱ কৰে। যৌন জীৱন উন্নত কৰাৰ বাবে গোলাপৰ পাত ধুই খোৱা উচিত। অৱশ্যে ইয়াৰ সতেজ গোন্ধে মানুহৰ মনৰ ওপৰতহে যথেষ্ট প্ৰভাৱ পেলায়। গোলাপে চাপ হ্ৰাস কৰে।গোলাপৰ পানীক এণ্টি-ডিপ্ৰেচেণ্ট বুলি গণ্য কৰা হয়।

এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি গোলাপৰ পাতবোৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক শিথিল কৰে। ই চাপো হ্ৰাস কৰে। সেইবাবে গোলাপ হৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ এবিধ জনপ্ৰিয় ফুল।সেয়েহে বিবাহ আৰু ফুলসজ্জাৰ নিশা গোলাপ ফুল ব্যৱহাৰ কৰা হয় ।

DA News Plusrose
Comments (0)
Add Comment