দুৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি পঢ়োতা প্ৰতাপ বৰদলৈৰ দেহাৱসান

ডিজিটেল ডেস্কঃ প্ৰবীণ সাংবাদিক-সম্পাদক প্ৰতাপ বৰদলৈৰ দেহাৱসান৷ ৭২ বছৰ বয়সত আজি গুৱাহাটীৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বৰদলৈয়ে৷ আকাশবাণী গুৱাহাটীৰ এসময়ৰ অতি পৰিচিত বাতৰি পৰিৱেশক আছিল বৰদলৈ৷ আকাশবাণীৰ পিছত তেওঁ দূৰদৰ্শনত যোগদান কৰে৷ দূৰদৰ্শনৰ পৰা অৱসৰ গ্ৰহণৰ পিছত Dy365ত মুখ্য সম্পাদক হিচাপে যোগদান কৰে৷ পৰৱৰ্তী কালত তেওঁ যোগদান কৰে NEWS TIME ASSAMত৷ ইয়াৰ পিছত অসমীয়া দৈনিক বাতৰিকাকত ‘এদিন’ৰ সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰে৷
অসমৰ দুৰদৰ্শনৰ সেৱা আৰম্ভ হোৱাৰ পাছত গুৱাহাটী দুৰদৰ্শনৰ সৈতে জড়িত হৈ পৰিছিল তেওঁ। দুৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি পঢ়োতা আছিল প্ৰতাপ বৰদলৈ।

ৰাজ্যৰ কেইবাটাও ব্যক্তিগতখণ্ডৰ বাতৰি প্ৰতিষ্ঠানৰ সৈতে জড়তি আছিল এইগৰাকী বিশিষ্ট সাংবাদিক। ৰুচীসন্মত বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত অসমৰ সংবাদজগতৰ বাটকটীয়া আছিল তেওঁ।

AssamDA News PlusDeathJournalist
Comments (0)
Add Comment