পুনৰ নগাঁও-কাছাৰ কাগজ কল নিলামৰ জাননী চৰকাৰৰ

ডিজিটেল ডেস্কঃ হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটা বিক্ৰীৰ বাবে পুনৰ নিলামৰ জাননী জাৰি কৰিছে চৰকাৰে ৷ প্ৰথমে এই কাগজ কল দুটাৰ নিলামৰ বাবে লিকুইডেটৰ কুলদীপ বাৰ্মাই ১১৬৯ কোটি টকা ধাৰ্য কৰিছিল যদিও শেহতীয়াকৈ কল দুটাৰ মূল্য মাত্ৰ ৪১৩ কোটি টকালৈ হ্ৰাস কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কল দুটাৰ কৰ্মচাৰীসকলে ৷

কল দুটাৰ সম্পত্তি পানীৰ দৰত বিক্ৰী কৰাৰ ষড়যন্ত্ৰ চলাৰ অভিযোগ কৰিছে কৰ্মচাৰীসকলে ৷ ৫ বছৰতকৈ অধিক কাল ধৰি বন্ধ হৈ আছে কল দুটা ৷ কল দুটাৰ ৯৯জন কৰ্মচাৰী বিনা বেতন আৰু চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে ৷

DA News PlusNagaon
Comments (0)
Add Comment