আজি শেষকৃত্য সম্পন্ন হ’ব প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিড়ীৰ

ডিজিটেল ডেস্কঃ আজি শেষকৃত্য সম্পন্ন হ’ব বাপ্পী লাহিড়ীৰ।মুম্বাইৰ পৱনহংস শ্মশানত ডিস্ক কিঙৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
ইতিমধ্যে অন্তিম যাত্ৰা আৰম্ভ হৈছে প্ৰসিদ্ধ শিল্পীগৰাকীৰ। মঙলবাৰে নিশা দেহাৱসান ঘটিছিল বাপ্পী লাহিড়ীৰ
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ।মুম্বাইৰ ক্ৰীটি কেয়াৰ হাস্পতালত মৃত্যু হৈছিল বাপ্পী দাৰ।যোৱা বছৰ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈছিল লাহিড়ী।

১৯৫২ চনৰ ২৭ নৱেম্বৰত জলপাইগুৰিত জন্ম লাহিড়ীৰ। বলীউডৰ বহু চিনেমাত সংগীত পৰিচালনা কৰিছিল লাহিড়ীয়ে। ৭০-৮০ৰ দশকৰ অন্যতম জনপ্রিয় নাম আছিল বাপ্পী লাহিড়ী ৫বাৰ কৈ ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিছিল বাপ্পী লাহিড়ীয়ে।
১৯৮২, ১৯৮৩, ১৯৮৫ত ফিল্মফেয়াৰ এৱাৰ্ড লাভ। ১৯৯১, ২০১৮ চনতো লাভ কৰিছিল ফিল্মফেয়াৰ এৱাৰ্ড
২০১৮ চনত জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল। ২০১২ চনত ‘বেষ্ট আইটেম ছং অব দ্য ইয়েৰ’ লাভ
‘ও লা লা…’ গীতৰ বাবে লাভ কৰিছিল এই সন্মান। কেইবাটাও ভাষাত কণ্ঠদান কৰিছে বাপ্পী লাহিড়ীয়ে
হিন্দী-বেংগলী-তেলেগু-তামিল-কানাড়া-গুজৰাটীত কণ্ঠদান। ২০২০ চনত ‘বাগি-৩’ ছবিত লাহিড়ীৰ অন্তিমটো গীত।
প্ৰত্যক্ষভাৱে ৰাজনীতিৰ লগতো জড়িত আছিল তেওঁ। ২০১৪ চনৰ ৩১ জানুৱাৰীত যোগদান কৰিছিল বিজেপিত
২০১৪ চনত লোকসভাৰ প্ৰাৰ্থী আছিল বাপ্পী লাহিড়ী। শ্ৰীৰামপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল লাহিড়ীয়ে
তৃণমূল কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিল বাপ্পী লাহিড়ী।

Bappi LahiriBollywoodDA News PlusDeath
Comments (0)
Add Comment