ফান্দত বন্দী নাহৰফুটুকী! বন্দী নাহৰফুটুকীক চাবলৈ ভিৰ

ডিজিটেল ডেস্কঃ বাঘৰ আতংকই কঁপাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত৷ বহু লোক আক্ৰান্ত হৈছে নাহৰফুটুকীৰ আক্ৰমণত৷ ইয়াৰ মাজতে মদনকামদেৱত ফান্দত পৰিল নাহৰফুটুকী৷ বাঘৰ বিচৰণত আতংকৰ সৃষ্টি কৰাৰ সময়তেই বাইহাটা চাৰিআলিত পুৱাই ফান্দত পৰিল এটা নাহৰফুটুকী৷ ফান্দত বন্দী নাহৰফুটুকীটোৱে চেষ্টা চলালে মুক্ত হোৱাৰ৷ নাহৰফুটুকী ফান্দত বন্দী হোৱা শুনি চাবলৈ আহিল বহুসংখ্যক লোক৷ কিন্তুকোনে পাতিলে বাঘ ধৰা ফান্দ? ৰহস্যৰ আৱৰ্তত ফান্দ পতা ঘটনা। ফান্দত বন্দী হোৱা নাহৰফুটুকীটোক অৱেশষত টেংকুলাইজ কৰি লৈ অহা হ’ল ৰাজ্যিক চিৰিয়াখানালৈ৷ চাৰি-পাঁচ বছৰীয়া নাহৰফুটুকীটোৱে কিছুদিন ধৰি অঞ্চলটোত বিচৰণ কৰি আছিল৷

DA News PlusTiger
Comments (0)
Add Comment