আজি গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজৰ ভূমিপূজন

ডিজিটেল ডেস্কঃ কালাপাহাৰ আৰু MMCH চৌহদত দ্বিতীয়খন মেডিকেল কলেজৰ আজি ভূমিপূজন অনুষ্ঠান সম্পন্ন হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পন্ন কৰিব এই ভূমিপূজন। উপস্থিত থাকিব স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কুইন ওজা। বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো অংশগ্ৰহণ কৰিব ভূমিপূজনত। ৬২ বিঘা মাটিত হ’ব গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ। ৯৯৮.৩০ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব মেডিকেল কলেজখন। কালাপাহাৰ চৌহদত থাকিব শৈক্ষিক আৰু প্ৰশাসনীয় ভৱন। থাকিব ৪৮০খন বিছনা, ৭টা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ। কালাপাহাৰ চৌহদত থাকিব ৪৮খন ICUযুক্ত বিছনা। থাকিব বছৰি ১০০ MBBS শিক্ষাৰ্থীৰ নামভৰ্তিৰ সুবিধা। থাকিব ৪৫০ শিক্ষাৰ্থীৰ আৱাসগৃহ, ১০০ ইণ্টাৰ্ণৰ আৱাসগৃহ।

কালাপাহাৰ চৌহদত চিকিৎসক-নাৰ্ছৰ বাবেও থাকিব আৱাসগৃহ। MMCH চৌহদত থাকিব ৮০০খন বিছনাৰ ১০০খন ICU। মেডিচিন, শল্য চিকিৎসা তথা অন্যান্য বিভাগৰ চিকিৎসাৰ সুবিধা। থাকিব পেথ’লজী পৰীক্ষাগাৰসহ অত্যাধুনিক ৰোগ নিৰ্ণয়ৰ সুবিধা। MMCH চৌহদত ২০খন বিছনাত থাকিব ডায়েলাইছিছ ইউনিট। ১১টা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ থাকিব MMCH চৌহদত। MMCH চৌহদতো থাকিব চিকিৎসক-নাৰ্ছৰ আৱাসৰ সুবিধা।

DA News PlusMedical College
Comments (0)
Add Comment