iPhone13 Pro Maxৰ সলনি যুৱতীয়ে পালে ১০০ টকাৰ হাত ধোৱা চাবোন

ডিজটেল ডেস্কঃ এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁ iPhone13 Pro Max ৰ সলনি লাভ কৰে ১০০ টকাৰ হাত ধোৱা চাবোন। আচলতে এই ঘটনা সংঘটিত হৈছে লণ্ডনত। লণ্ডনৰ এগৰাকী মহিলাই অভিযোগ উৎথাপন কৰিছে যে, স্কাই ম’বাইল নামৰ এটা অনলাইন শ্বপিং এপৰ পৰা তেওঁ অৰডাৰ কৰা iPhone13 Pro Maxৰ সলনি তেওঁ মাত্ৰ ১০০ টকাৰ হাত ধোৱা চাবোনহে লাভ কৰে।

তেওঁ কয় যে, ইতিমধ্যে এই বিষয়ে স্কাই ম’বাইল নামৰ এপটোত জনোৱা হৈছে আৰু এই ক্ষেত্ৰত তেওঁলোকে অনুসন্ধান অব্যাহত ৰাখিছে। কিন্তু এক সপ্তাহ উকলি যোৱাৰ পাছতো তেওঁ ম’বাইল ফোন লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁ চুৰি হৈছে বুলিও সন্দেহ প্ৰকাশ কৰিছে।

DA News PlusOnline_Shoppinguk
Comments (0)
Add Comment