জু তিনিআলি আৰু একে নাই! গুৱাহাটীৰ মাজমজিয়াত প্ৰকৃতিৰ ধ্বংসযজ্ঞ

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীৰ মাজমজিয়াত জু-তিনিআলিত কাটি শেষ কৰা হ’ল ভালেসংখ্যক গছ৷ উৰণীয়া সেতু নিৰ্মাণৰ নামত কাটি লঠঙা কৰি পেলোৱা হ’ল বহুকেইজোপা গছ।

টুকুৰা টুকুৰ কৰা হ’ল শতবৰ্ষ গৰকা এডাল বটবৃক্ষও

স্থানীয় ব্যক্তিৰ লগতে সাধাৰণ ৰাইজে প্ৰকাশ কৰিলে গভীৰ ক্ষোভৰ লগতে শোক৷ স্থানীয় বাসিন্দাসকলৰ মতে গছকেইডাল নকটাকৈ ঠাল-ঠেঙুলি কাটি গছ কেইজোপা ৰক্ষা কৰিব পৰা গ’লহেঁতেন৷ কিন্তু সেই কামৰ ওপৰত গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰে।

উন্নয়নো আমাৰ কাম্য কিন্তু জীয়াই থাকিবলৈ আমাক লাগিব প্ৰকৃতিও ৷ বহনক্ষম উন্নয়নৰ কথা কোৱা চৰকাৰে উৎখাত কৰিলে বহু বৃক্ষ৷ যাৰ বাবে ক্ষোভ উজাৰিলে বহু প্ৰকৃতিপ্ৰেমীলোকে।

#GuwahatiDA News PlusTree
Comments (0)
Add Comment