বাদ্য বজাই চমক সৃষ্টি কাৰ্বি আংলঙৰ জুমনজ্যোতি বৰাৰ

ডিজিটেল ডেস্ক: কাৰ্বি আংলঙৰ যমুনা গাঁৱৰ এটি কিশোৰে দৃষ্টি কাঢ়িছে সকলোৰে৷ মাত্ৰ ১২ বয়সতেই কিশোৰটিয়ে দেখুৱাইছে প্ৰতিভাৰ স্বাক্ষৰ৷ বিভিন্ন বাদ্য বজাই প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে জুমনজ্যোতি বৰা নামৰ কিশোৰটিয়ে৷

নাগাৰা, খোল, ঢোল আদিৰ লগতে বহুকেইবিধ বাদ্য বজাব পাৰে জুমনে৷ কেৱল বাদ্যযন্ত্ৰতে নহয়, নৃত্যতো পাকৈত জুমনজ্যোতি৷ একেলগে আঠোটাকৈ নাগাৰা বাদনেৰে চমক সৃষ্টি কৰিব পাৰে জুমনে৷ ৰাজ্যিক ভিত্তিত বহুকেইটা পুৰস্কাৰো লাভ কৰিছিল কণমানিটিয়ে৷

DA News PlusKarbi_Anglong
Comments (0)
Add Comment