কিং খানে সঁচাকৈয়ে থুৱালে নেকি সংগীত সৰস্বতীক?


ডিজিটেল ডেস্কঃ সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ অন্তিম বিদায়ক্ষণত বলীউডৰ বাদশ্বাহে শ্ৰূদ্ধাঞ্জলি জ্ঞাপন কৰা এক ভিডিঅ’ই সামাজিক মাধ্যমত এতিয়া খলকনিৰ সৃষ্টি কৰিছে।নিজা পৰম্পৰা আৰু বিশ্বাসেৰে লতাজীৰ নশ্বৰ দেহক ফুৱাইছিল কিং খানে।কিন্ত্ত এচাম লোকে শ্বাহৰুখৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি লতাজীক থুৱাই দিয়া বুলি অযথা বিতৰ্কৰ সৃষ্টি কৰিছে।

প্ৰকৃততে ইছলামিক ৰীতি অনুসৰি একেৰাহে উশাহ সামৰি, সেই উশাহেৰে নশ্বৰ দেহ বা কোনো ৰোগীক ফুৱাই দিলে সেই ৰোগীজন সুস্থ হৈ উঠে বা মৃত ব্যক্তিৰ আত্মাই শান্তি পাই বুলি বিশ্বাস কৰে ইছলাম ধৰ্মীৰ লোকসকলে। অৱশ্যে কিং খানে নিজা বিশ্বাসেৰে লতাজীৰ নিথৰ দেহৰ সন্মুখত ৰৈ প্ৰাৰ্থনা কৰা কাৰ্যই সকলোৰে মন জয় কৰিছে। আৰু কোটি কোটি জনতাই বাদশ্বাহক লৈ গৌৰৱ কৰিছে।

DA News PlusShahrukh Khan
Comments (0)
Add Comment