খাদ্যৰ নামত বিক্ৰী হৈছে বৰবিহ,কেন্সাৰ, চৰ্মৰোগ, হৃদৰোগৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে আপোনাৰ!

ডিজিটেল ডেস্কঃ আপুনি মই পুষ্টিকৰ খাদ্যৰ নামত বজাৰৰ পৰা অনা সেউজীয়া শাক-পাচলি ফলমূল সমূহ কিমান উপযোগী? এই সমূহ শাকপাচলি ফলমূলে মানৱ জীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি ৷

বজাৰে বজাৰে খাদ্যৰ নামত বিক্ৰী হৈছে বৰবিহ
পুষ্টিকৰ শাকপাচলি ফলমূলৰ নামত বিক্ৰী হৈছে মাৰাত্মক বৰবিহ

অসাধু কৃষক আৰু ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ বাবে বিক্ৰী কৰিছে বৰবিহ
বজাৰৰ পৰা নমুনা সংগ্ৰহ কৰা খাদ্য সামগ্ৰীৰ পৰীক্ষাত ধৰা পৰিছে ভয়ঙ্কৰ তথ্য

বজাৰত উপলব্ধ তজবজীয়া সেউজীয়া পুষ্টিকৰ শাক-পাচলি ফলমূল আপোনাৰ বাবে হব পাৰে বৰবিহ ৷ অত্যাধিক ৰাসায়নিক কীটনাশক ব্যৱহৃত শাকপাচলি ফলমূলে ভাবুকি কঢ়িয়াই আনিব পাৰে আপোনাৰ জীৱনলৈ ৷

কেন্সাৰ চৰ্মৰোগ হৃদৰোগৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে আপোনাৰ

ৰাজ্যৰ বজাৰৰ এই সমূহ শাকপাচলি ফলমূল নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা পাছত ধৰা পৰিছে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি অনা এই কীটনাশকৰ ৷ ক’লে খাদ্য বিশেষজ্ঞ অনুপম গগৈয়ে ৷

বন্ধাকবি ফুলকবি বিলাহী আদি শাকপাচলি অত্যাধিক ব্যৱহৃত হয় এই কীটনাশক
ফলমূল সতেজ কৰি ৰখাৰ বাবে ব্যৱহাৰ কৰে নিষিদ্ধ কাৰ্বাইড

যিসময়ত আপুনি মই আপেল কমলা আঙুৰ বিচাৰি বজাৰে বজাৰে ঘুৰিছো ৷ সেই সময়তে বজাৰে বজাৰে এই ফলমূলৰ নামত বিক্ৰী হৈছে বৰবিহ ৷

খাদ্য সুৰক্ষা আইনৰ অধীনত বজাৰে বজাৰে চলিব এই সমূহ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজাৰতে সকলো পৰীক্ষা কৰা বাবে সাজু কৰিছে কেইবাখনো লেবটৰী বাহন ৷ ঠাইতে পৰীক্ষা কৰি নিষিদ্ধ কীটনাশক ধৰা পৰিলে লব আইনী ব্যৱস্থা ৷

এনেদৰে এতিয়া বজাৰ সমূহত বিক্ৰী হৈছে পুষ্টিকৰ শাকপাচলি ফলমূলৰ নামত মাৰাত্মক বৰবিহ ৷ তাৰ পাছতো অনায়সে বজাৰত বিক্ৰী হৈছে নিষিদ্ধ ৰাসায়নিক কীটনাশক ৷ নিষিদ্ধ ৰাসায়নিক কীটনাশক বিক্ৰী কৰা অসাধু ব্যৱসায়ী বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা লব সেয়া হব লক্ষণীয় ৷

DA News Plus
Comments (0)
Add Comment