১৯-অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া

ডিজিটেল ডেস্কঃ ইতিহাস ৰচি ১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্টমবাৰৰ বাবে প্ৰৱেশ কৰিলে ভাৰতে৷ বুধবাৰে ছেমি ফাইনেলত ভাৰতে ৯৬ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে অষ্ট্ৰেলিয়াক৷ পোনতে বেটিং কৰি অধিনায়ক যশ ঢুলৰ দুৰ্দান্ত শতক আৰু শ্বেখ ৰচিদৰ ৯৪ ৰানৰ সহায়ত ৫ উইকেট হৰুৱাই সংগ্ৰহ কৰে ২৯০ ৰান৷ প্ৰত্যুত্তৰত ২৯১ৰ লক্ষ্য অনুসৰণ কৰি ৪১ অভাৰত ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৯৪ ৰানতে থমকি ৰয় অষ্ট্ৰেলিয়া৷ ভাৰতৰ বিকি অটচালে ৩টা, নিচান সিন্ধু আৰু ৰবি কুমাৰে ২টাকৈ উইকেট দখল কৰে৷

আনহাতে, ৰাজ বাৱা আৰু কুশল টাম্বে দখল কৰে এটাকৈ উইকেট৷ শনিবাৰে ফাইনেলত ভাৰত মুখামুখি হ’ব ইংলেণ্ডৰ৷ কেৰেবিয়ান দীপপুঞ্জত চলা ১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ দখল কৰিলে ভাৰতে ৰচিব নতুন অভিলেখ৷ পঞ্চমটো বিশ্বকাপ খিতাপ দখললৈ আহিব ভাৰতৰ৷

CricketDA News PlusICCIndiaUnder 19Worldcup
Comments (0)
Add Comment