আৰ্শ্বয্যকৰ! কৱৰস্থানৰ পৰা চুৰি কৰিলে মৃতদেহৰ মূৰ

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰত সংঘটিত হৈছে এক আচৰিত ঘটনা। মেলবৰ্ণৰ চেমেটাৰীত থকা এক কৱৰস্থানৰ পৰা দুটা মৃতদেহৰ মূৰ চুৰি কৰাৰ দৰে এক আৰ্শ্বয্যকৰ ঘটনা সংঘটিত হৈছে। এই কথা জানিব দিছে মেলবৰ্ণ আৰক্ষীয়ে। মৃতদেহৰ মূৰ চুৰি কৰাৰ এই ঘটনাই তেওঁলোকৰ পৰিয়ালক দু:খিত কৰি তুলিছে।

মৃতদেহৰ মূৰ চুৰিৰ ঘটনাটো ক্ৰমে ২৭ জানুৱাৰী আৰু ২৮ জানুৱাৰীত সংঘটিত হৈছিল বুলি মেলবৰ্ণ আৰক্ষীয়ে জানিবলৈ দিয়ে।

তথ্য অনুসৰি, মৃতদেহ দুটাৰ পৰা মূৰ কোনে আৰু কি উদ্দেশ্যেৰে লৈ গৈছে সেই বিষয়ে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। লগতে এই তদন্ত প্ৰক্ৰিয়াত ৰাইজৰ সহযোগ বিচাৰিছে প্ৰশাসনে।

AustraliaDA_News_PlusGravesHuman_Heads_StolenMelbourne
Comments (0)
Add Comment