ক’ৰোনা বিধিক কেন্দ্ৰ কৰি উত্তাল কানাডা

ডিজিটেল ডেস্কঃ ক’ৰোনা বিধিক কেন্দ্ৰ কৰি উত্তাল হৈছে কানাডা ৷ ক’ৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে টিকাকৰণ, মাস্ক পিন্ধা আদি বাধ্যতামূলক কৰিছিল প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুৰ চৰকাৰে ৷ ইয়াৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদত নামিছে জনসাধাৰণ ৷

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজধানী অটোৱাত প্ৰতিবাদ জনালে হাজাৰ হাজাৰ জনতাই ৷ টিকাকৰণ, মাস্ক পৰিধান আৰু লকডাউনৰ বিৰুদ্ধে জনালে প্ৰতিবাদ ৷ পৰিস্থিতিয়ে এতিয়া এনে ৰূপ ধাৰণ কৰিছে যে গোপন স্থানত সপৰিয়ালে আত্মগোপন কৰিবলগীয়া হৈছে প্ৰধানমন্ত্ৰী ট্ৰুডুৱে ৷ ট্ৰুডু ক’ত আছে সেই কথা জনাবলৈ অস্বীকাৰ কৰিছে প্ৰধানমন্ত্ৰীৰ দপ্তৰে৷

CanadaDA News PlusProtest
Comments (0)
Add Comment