পুষ্পাৰাজ!পুষ্পাৰ জ্বৰত আক্ৰান্ত দেশ-বিদেশৰ কেইবা গৰাকী ক্রিকেটাৰ

ডিজিটেল ডেস্কঃ চৌদিশে এতিয়া পুষ্পাৰাজ।ভাৰতৰ লগতে বিদেশতো পৰিলক্ষিত হৈছে পুষ্পাৰ জনপ্ৰিয়তা।চেলিব্ৰেটিৰ পৰা নন-চেলিব্ৰেটিলৈ কোনেও এৰা নাই শ্ৰীবল্লী গীতত নৃত্য প্ৰদৰ্শন কৰিবলৈ।সকলোৱে অনুসৰণ কৰিছে আল্লু অর্জুনৰ হুক ষ্টেপ।

ক্ৰিকেট জগতৰ তাৰকা সকলো আক্ৰান্ত পুষ্পাৰ জ্বৰত। ৱেষ্ট ইণ্ডিজৰ ক্রিকেটাৰ ডোয়েইন ব্রেভো, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰ,ভাৰতীয় ক্রিকেটাৰ সূৰ্য্য কুমাৰ যাদৱ, ঈশান কিশানৰ লগতে ক্রিকেটাৰ হাৰ্দিক পাণ্ডিয়ায়ো তেওঁৰ আইতাকৰ সৈতে গীতটিত কৰা নৃত্যই সামাজিক মাধ্যমত খলকনি তুলিছে।

DA News PlusEntertainmentPushpa
Comments (0)
Add Comment