আজি অস্ত্ৰোপচাৰ সম্পন্ন হ’ব কীৰ্তিকমলৰ

ডিজিটেল ডেস্কঃ নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতাক গুলীওৱাৰ ঘটনাৰ আজি সাক্ষ্য গ্ৰহণ। সাক্ষ্য গ্ৰহণৰ বাবে নগাঁৱত উপস্থিত অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ
নগাঁও আৱৰ্ত ভৱনত গ্ৰহণ কৰা হ’ব সাক্ষ্য। বিয়লি ২ বজাৰ পৰা ৪ বজালৈ হ’ব ৰাজহুৱা সাক্ষ্য গ্ৰহণ। বৰ্তমান GMCHত চিকিৎসাধীন গুলীবিদ্ধ কীৰ্তিকমল বৰা।

ইপিনে, নগাওঁ কাণ্ডৰ ভুক্তভোগী কীৰ্তি কমল বৰাৰ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হ’ব ভৰিৰ অস্ত্ৰোপচাৰ। এণ্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আহত কীৰ্তি কমল সেই ঘটনাৰ পিছতে কোভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল। ফলত তেওঁৰ অস্ত্ৰোচাৰ সম্পন্ন কৰিব পৰা হোৱা নাছিল। কোভিড নিগেটিভ হোৱাৰ বাবে শুকুৰবাৰে জি এম চি এইছৰ চিকিৎসক ডাঃ সমৰজ্যোতি গগৈৰ নেতৃত্বত কীৰ্তি কমলৰ অস্ত্ৰোপচাৰ সম্পন্ন হ’ব।

চিকিৎসকে প্ৰকাশ কৰা মতে অস্ত্ৰোপচাৰৰ পিছত স্বাভাৱিক অৱস্থা ঘূৰাই পাবলৈ কীৰ্তি কমলক প্ৰায় ২ মাহ সময়ৰ প্ৰয়োজন হ’ব। কীৰ্তি কমলে নিজেই বিভিন্ন শাৰীৰিক কচৰৎৰ জৰিয়তে নিজকে অধিক সৱল কৰি তুলিব পাৰিব লাগিব।

CaseDA News PlusEncounterNagaon
Comments (0)
Add Comment