আপোনাৰ আহাৰৰ থালখনৰ কাষত কেৰ’টিনা আৰু ভেলেণ্টিনা

ডিজিটেল ডেস্কঃ কেৰ’টিনা, ভেলেণ্টিনা
হলীউডৰ নায়ক-নায়িকা বুলি ভুল নকৰিব
এয়া যুৱ কৃষকৰ উদ্যমী প্ৰচেষ্টাৰ ফচলহে

কবিৰ খেতিত এতিয়া সমাদৰ লাভ কৰিছে ভিন্ন ৰঙৰ কবিয়ে ৷ কেৰ’টিনা আৰু ভেলেণ্টিনা হৈছে মূলত নতুন জাতৰ দুটা ফুলকবিহে ৷

ব্ৰকলীয়ে বজাৰ দখল কৰাৰ পিছত এইবাৰ অসমৰ বজাৰত দপদপাইছে কেৰ’টিনা আৰু ভেলেণ্টিনাই ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ যুৱ কৃষক শৰৎ বৰুৱাৰ খেতি ৷ মাটি কম, কৃষি বিভাগৰ প্ৰশিক্ষণ আৰু সহযোগিতা অৱিহনে দুদুৱে কৰি গৈছে খেতি ৷ এইবাৰ স্বভাৱজাত ফুলকবি, ব্ৰকলীৰ লগতে কৰা ভেলেণ্টিনা আৰু কেৰ’টিনাৰো খেতি কৰিছে শৰৎ বৰুৱাই ৷


বজাৰলৈ নতুনকৈ এই দুবিধ সুস্বাদু আৰু দেখাত সুন্দৰ ব্যঞ্জনক লৈ এতিয়া আগ্ৰহ বাঢ়িছে ৰাইজৰ ৷ উল্লেখ্য যে কেৰ’টিনাত আছে বহু ঔষধি গুণো ৷ কেৰ’টিনাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে প্ৰচুৰ পৰিমাণে দিয়ে ভিটামিন A …আনহাতে ভেলেণ্টিনাত থাকে এণ্টিঅক্সিডেণ্ট ৷

অসমৰ ভিন্ন স্থানত ইতিমধ্যে আদৰি লোৱা এই খেতিৰ পৰা কৃষক যথেষ্ট পৰিমানে আগবঢ়াৰ থল আছে ৷ অৱশ্যেই ইয়াৰ বাবে লাগিব বিভাগীয় সহায় সহযোগ লগতে প্ৰশিক্ষণ ৷

DA News PlusSonitpur
Comments (0)
Add Comment