ৰাজ্যত উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধানৰ বাবে অগ্ৰসৰ অসম চৰকাৰ

ডিজিটেল ডেস্ক: ৰাজ্যত উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধানৰ বাবে অগ্ৰসৰ হৈছে অসম চৰকাৰ৷ চৰকাৰৰ প্ৰয়াসৰ ফলশ্ৰুতিত হয়তো প্ৰথমবাৰৰ বাবে আলফা স্বাধীন সংগঠনে বুধবাৰৰ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান নজনালে৷ ইয়াৰ মাজতে ২৭ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ ওচৰত অস্ত্ৰসম্বৰণ কৰিবলৈ ওলাইছে আৰু দুটাকৈ উগ্ৰপন্থী সংগঠনে৷


ৰাজ্যত উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু এঢাপ। ২৭ জানুৱাৰীত অস্ত্ৰ সম্বৰণ দুটাকৈ উগ্ৰপন্থী সংগঠনৰ। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ওচৰত আত্মসমৰ্পণ সংগঠন দুটাৰ সদস্যৰ।

ৰাজ্যৰ উগ্ৰপন্থী সমস্যা সমাধানৰ বাবে সৰু-বৰ সকলো সংগঠনক মূল সুঁতিলৈ ঘূৰাই অনাৰ প্ৰয়াস চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই প্ৰয়াসৰ অংশ হিচাপেই অহা ২৭ জানুৱাৰীত কলাক্ষেত্ৰত আয়োজন কৰা হৈছে উগ্ৰপন্থীৰ এক আত্মসমৰ্পণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

অস্ত্ৰসম্বৰণ কৰিব TLA অৰ্থাৎ তিৱা লিবাৰেচন আৰ্মীয়ে। অস্ত্ৰসম্বৰণ UGPO অৰ্থাৎ ইউনাইটেড গোৰ্খা পিপ’লছ অৰ্গেনাইজেশ্যন।
সংগঠন দুটাৰ প্ৰায় দুই শতাধিক সদস্যই আত্মসমৰ্পণ কৰিব মুখ্যমন্ত্ৰীৰ ওচৰত।এই কাৰ্যসূচীৰ তদাৰকৰ দায়িত্বত বিশেষ শাখাৰ ADGP হিৰেন নাথ।


এই উদ্দেশ্যে কলাক্ষেত্ৰত ২৭ জানুৱাৰীৰ দিনৰ ২.৩০ বজাত আয়োজন কৰা হৈছে এক বৰ্ণাঢ্য অনুষ্ঠান৷ এই দুইটা সংগঠনৰ লগতে ২০২০ চনত সৰ্বানন্দ সোণোৱালৰ ওচৰত আত্মসমৰ্পণ কৰা ৫টা সংগঠনৰ ৬৭০গৰাকী সদস্যৰ প্ৰতিগৰাকীকে ৰাজ্য চৰকাৰে ডেৰ লাখ টকাকৈ প্ৰদান কৰিব৷ সংগঠনকেইটা হৈছে ৰাভা নেচনেল লিবাৰেচন ফ’ৰ্চ (RNLF),কাৰ্বি উগ্ৰপন্থী সংগঠন (UPRS),নেচনেল লিবাৰেশ্যন ফ্ৰণ্ট অব বেংগলীজ (NLFB), আদিবাসী উগ্ৰপন্থী সংগঠন (NSLA),আদিবাসী ড্ৰেগন ফ’ৰ্চ (ADF)


উল্লেখ্য যে, সুদীৰ্ঘকালৰ অন্তত প্ৰথমবাৰৰ বাবে ৰাজ্যত গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান নজনালে আলফা স্বাধীনে৷ এই সংগঠনক আলোচনাৰ মেজলৈ অনাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলি থকা অভিযানৰ এয়া হয়তো সুফল৷ ইয়াৰ মাজতে দুটাকৈ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰিবলৈ লোৱাটো ইতিবাচক ঘটনা হিচাপে চিহ্নিত হৈছে৷

ArmsAssamDA News PlusLaydown
Comments (0)
Add Comment