পুৰুষ অভিনেতাৰ সৈতে ষ্টেজত খুলিলে কাপোৰ, তাৰ পিছত…

ডিজিটেল ডেস্ক: নগ্নতা এতিয়া ষ্টেজতো। ব্ৰিটেইনৰ ব্ৰাইটনত ৰয়েল থিয়েটাৰত এই সপ্তাহত প্ৰদৰ্শিত হোৱা এখন নাটকত দৰ্শকৰ সন্মুখত এই ৰূপত দেখা পোৱা গ’ল অভিনেত্ৰী কিম মাৰ্শ্বক। ১৯৮৭ চনৰ গ্লেন ক্লোজ আৰু মাইকেল ডগলাছ অভিনীত একেই নামৰ চলচ্চিত্ৰ ‘ফেটেল এট্ৰাকচন’ৰ ওপৰত আধাৰিত এই নাটকখন।

চিনেমাৰ কথাটো বেলেগ, কিন্তু মঞ্চৰ অভিনয়ত এগৰাকী অভিনেত্ৰীয়ে নগ্নতাৰ দৃশ্যত অভিনয় কৰাত প্ৰত্যাহ্বান আছে। সহ-অভিনেতা অলিভাৰ ফাৰ্ণৱৰ্থৰ সৈতে মঞ্চত কৰা এই অভিনয়ৰ বাবে ষথেষ্ট চৰ্চা হৈছে সমগ্ৰ বিশ্বতে। যুটিটোৱে কেইবাটাও অন্তৰংগ মুহূৰ্তত দৃশ্যত অভিনয় কৰিছে। ৪৫ বছৰীয়া কিমে অভিনয় কৰিছে প্ৰেমিক এলেক্স ফৰেষ্টৰ চৰিত্ৰত, যিয়ে বিবাহিত প্ৰেমিক ডেন গালাগাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনামূলক আৰু হিংসাত্মক প্ৰতিশোধ লয়।

কিন্তু এই অভিনয় কিমান প্ৰত্যাহ্বানপূৰ্ণ আছিল তেওঁৰ বাবে? এই সম্পৰ্কে তাৰকাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ এই ‘ভয়ংকৰ’ কামটোৰ বাবে যথেষ্ট সাহস গোটাবলগীয়া হৈছিল। তাৰ পাছতহে এই প্ৰত্যাহ্বানৰ বাবে সাজু হয়।

কিমে সাংবাদিকক কয়, ‘প্ৰথমতে মই আতংকিত হৈ পৰিছিলো… সম্পূৰ্ণৰূপে আতংকিত। মই বহুদিন ধৰি অভিনয়ৰ সৈতে জড়িত থাকি নিজকে যথেষ্ট সৌভাগ্যৱান বুলি ভাবো। কিন্তু এইটো এনেকুৱা এটা কাম, যিটো মই কেতিয়াও কৰা নাই। সঁচাকৈয়ে মোৰ বাবে ই আছিল প্ৰত্যাহ্বান।’

ClothDA News PlusRemove
Comments (0)
Add Comment