বিয়া পাতিব বিচাৰিছিল প্ৰধানমন্ত্ৰীয়ে, কিন্তু নহ’ল

ডিজিটেল ডেস্কঃ ক’ৰোনাই কৰা নাই কি? এফালৰ পৰা সকলো শেষ কৰিছে ক’ভিডে। এইবাৰ ক’ৰোনাই এগৰাকী প্ৰধানমন্ত্ৰীৰ বিয়া পিছুৱাই দিবলৈ বাধ্য কৰিলে। নিজে বনোৱা আইনে নিজৰে বাবে হৈ পৰিল লোকচানৰ কাৰণ। বিয়াৰ বাবে প্ৰস্তুত হৈছিলহে, বিধিৰ বিধান। আহিলেই নহয় ক’ৰোনা। পিছে কৰিব কি?

এই ঘটনা সংঘটিত হৈছে নিউজিলেণ্ডত। দেশখনৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেয়ে নিজে নিৰ্ধাৰণ কৰা ক’ভিড বিধিৰ বাবে নিজৰে বিয়া পিছুৱাই দিবলৈ বাধ্য হয়। অমিক্ৰ’নৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছু নতুন নীতি নিয়ম প্ৰযোজ্য কৰিছে। যাৰ বাবে দেওবাৰে তেওঁ নিজৰ বিয়া পিছুৱাই দিবলৈ বাধ্য হয়।

যিকোনো অনুষ্ঠানত সৰ্বাধিক ১০০ গৰাকী লোক উপস্থিত থাকিব পাৰিব বুলি নীতি নিৰ্ধাৰণ কৰিও পিছ হুহকি আহিবলগীয়া হয় জেচিণ্ডা আৰ্ডে। এই কথা ঘোষণা কৰি দুখমনেৰে তেওঁ কয়, ‘মোৰ বিয়া এতিয়া নহ’ব।… মই এনে পৰিস্থিতিৰ সন্মুখীন হোৱা বহু লোকৰ সৈতে আলোচনা কৰিছিলো, তেওঁলোকৰ সৈতে আলোচনাৰ পিছত মই আৰু সিদ্ধান্ত ল’ব নোৱাৰিলো।‘’

উল্লেখ্য যে, এখন বিয়া খাবলৈ গৈ একেটা পৰিয়ালৰে ৯ গৰাকী লোক অমিক্ৰ’নত আক্ৰান্ত হোৱাৰ লগতে তেওঁলোকে যাত্ৰা কৰা বিমানত ক’ৰোনা ওলোৱাৰ পিছতে এনে নিৰ্দেশনা দিবলৈ বাধ্য হয় নিউজিলেণ্ড। ইফালে এই খবৰে এতিয়া সৰৱ চৰ্চা লাভ কৰিছে।

DA News PlusMarriagePrime Minister
Comments (0)
Add Comment