অসম-মেঘালয় সীমান্তৰ লাম্পি পৰিদৰ্শন লুৰীণজ্যোতি গগৈৰ

ডিজিটেল ডেস্ক: অসম-মেঘালয় সীমান্তৰ লাম্পি এলেকা পৰিদৰ্শন অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ চিৰসেউজ লাম্পিৰ সীমা সমস্যাৰ বুজ ল’লে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে৷ অজাপৰ সজাতী দলটোক সংগ দিয়ে প্ৰাক্তন আছু নেতা ধনঞ্জয় মেধি, পৱন কলিতা, হৃদয়প্ৰতীম মহন্তকে আদি কৰি বহুজনে সীমান্তবাসীৰ সৈতে মত বিনিময় কৰে AJPৰ সভাপতিগৰাকীয়ে৷

শাসনাধিষ্ঠিত চৰকাৰখনক সমালোচনা কৰি লুৰীণজ্যোতি গগৈয়ে কয় অসমত এতিয়া ৰাজতন্ত্ৰ চলিছে৷ ৰাইজকৰ মতামতক গুৰুত্ব নিদি মুখ্যম্ন্ত্ৰীয়ে লৈছে নিজাকৈ সিদ্ধান্ত৷ মুখ্যমন্ত্ৰীৰ মতে নহয়, আমি সাংবিধানিক ছাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰ অনুসৰি সীমা সমস্যা নিৰ্ধাৰণ হোৱাটো বিচাৰো৷

AssamBorderDA News PlusLurinjyoti GogoiMeghalaya
Comments (0)
Add Comment