কেবিনেটত মুখ্যমন্ত্ৰীয়ে কিয় নাখালে ৰেডিছন ব্লুৰ বিলাসী খাদ্য?

ডিজিটেল ডেস্কঃ কেবিনেটত বৰভোজ!
অসন্তুষ্ট মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে নাখালে ৰেডিছন ব্লুৰ বিলাসী খাদ্য

গুৱাহাটীৰ বাহিৰৰ কেবিনেট মানি বিলাসী আয়োজন ৷ বিৰোধীয়ে কৰি আহিছিল এই অভিযোগ ৷ এইবাৰ কেবিনেটৰ নামত চলা বিলাসী আয়োজনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অস্বস্তিত পৰিল ৷ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

বিলাসী ভোজ কিয়?
পঞ্চতাৰকা হোটেলৰ খাদ্য ত্যাগ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ‘দুখীয়াৰ খাদ্য’ খালে মন্ত্ৰীয়ে
এবিধ মাছ, মাংস, দালি, চালাদ, মিঠাইয়ে যথেষ্ট

হাফলঙৰ কেবিনেটক লৈ বিলাসী আয়োজন আছিল ৷ কুকী, ডিমাছা, নগা খাদ্যকে ধৰি বহু থলুৱা খাদ্যসম্ভাৰ আছিল তালিকাত ৷ কেবিনেট বৈঠকৰ বাবে হোটেল ৰেডিচন ব্লুৰ পৰা যোগান ধৰা হৈছে খাদ্য ৷ পঞ্চতাৰকা হোটেলখনৰ ৫০জনীয়া ৰান্ধনী দলে প্ৰস্তুত কৰিছিল খাদ্য ৷ পিছে এই বিলাসী আয়োজনত অসন্তুষ্ট হ’ল মুখ্যমন্ত্ৰী ৷

‘ইমান ব্যয় বহুল খাদ্য-সম্ভাৰৰ প্ৰয়োজন নাছিল’
ৰেডিছন ব্লুক খাদ্যৰ দায়িত্ব দিয়াত ক্ষোভ মুখ্যমন্ত্ৰীৰ
ফোন কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাক ক’লে মুখ্যমন্ত্ৰীয়ে


সিদ্ধান্ত হ’ল ‘পৰৱৰ্তী কেবিনেটৰ পৰা এনে আয়োজন নহয়’৷ কেবিনেট বুলি যদি বিলাসী আয়োজন চলে সেয়াও নিশ্চয় ইয়াৰ পিছত নিদিষ্ট পৰিধিৰ মাজতহে হ’ব ৷ পিছে বিৰোধীয়ে এৰি দিয়া নাই শাসকীয় দলক ৷ মুখ্যমন্ত্ৰীক আক্ৰমণ AIUDFৰ৷ বিধায়ক ৰফিকুল ইছলামৰ কটাক্ষ

এনে কেবিনেটে ক্ষতি কৰিছে ৰাজ্যৰ
টকা আৰু সময়ৰ অপব্যয়
মুখ্যমন্ত্ৰীয়ে কামতহে সময় দিয়া উচিত

মুঠতে বিলাসী বুলি অভিযোগ উঠা কেবিনেটক লৈ সৰৱ চৰ্চা

Cabinet MeetingDA News Plus
Comments (0)
Add Comment