বিধায়কৰ গালি ভাইৰেল কৰি বিপদত আৰক্ষী বিষয়া পুষ্প কমল বৰা

ডিজিটেল ডেস্কঃ বিধায়কৰ গালি ভাইৰেল কৰি বিপদত আৰক্ষী বিষয়া। বিপদত পৰিবনেকি OC পুষ্প কমল বৰা? DGP কাৰ্যালয়লৈ তলব নাৰায়ণপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক।

ভাইৰেল ফোন টেপিঙে কঁপাইছে দিশপুৰ ৷ অসম আৰক্ষীৰ শীৰ্ষ মহলতো সৃষ্টি কৰিছে তীব্ৰ জোকাৰণীৰ ৷ নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত তাণ্ডৱ চলোৱাৰ অপৰাধত নাৰায়ণপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্প কমল বৰাই আটক কৰা দুই দুৰ্বৃত্তৰ সুৰক্ষা প্ৰদানকলৈ সৰৱ ভূমিকা পালন কৰিছিল বিহপুৰিয়াৰ বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাই ৷

সমষ্টিৰ মানুহক হাৰাশাস্তি নকৰিবলৈ সকিয়নি দিছিল OC পুষ্প কমল বৰাক
৬০ হাজাৰা ভোটাৰে পিটিকা কৰিব বুলি ভাবুকি প্ৰদান কৰিছিল কৰ্তব্যৰত আৰক্ষী বিষয়াক
বিধায়ক অমিয় ভূঞাৰ ফোন টেপিং ভাইৰেল কৰিছিল পুষ্প কমল বৰাই

আৰু তাৰ পাছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিধায়ক অমিয় ভূঞাৰ বিষয়টো দলৰ মজিয়াত আলোচনা কৰা হ’ব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু তাৰ পাছতে হঠাৎ সুৰ সলনি কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷

ফোন টেপিং আইন বিৰোধী
এনে হ’লে কোনেও ক’তো একো কৰিব নোৱাৰিব
জনপ্ৰতিনিধিয়ে কিবা ক’লে শুনাতো দৰকাৰ

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে নাৰায়ণপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্প কমল বৰাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ বিধায়কে সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়া অনৈতিক কাৰ্যকলাপৰ ফোন টেপিং ভাইৰেল কৰাৰ অপৰাধত মংগলবাৰে অসম আৰক্ষীৰ মুখ্যকাৰ্যালয়লৈ তলব কৰা হ’ল পুষ্প কমল বৰাক ৷ সমগ্ৰ ঘটনাৰ শোধপোচৰ বাবে বিষয়া গৰাকীক তলব কৰা হৈছে বুলি জানিব পৰা গৈছে যদিও পৰৱৰ্তী পৰ্যায়ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ’ব লক্ষণীয় ৷

Amiya kumar BhuyanDA News PlusMLA
Comments (0)
Add Comment