৫১ হাজাৰ টকাত নিলামত বিক্ৰী ভাগৱত মেৰিওৱা গামোচা

ডিজিটেল ডেস্কঃ এশ দুশ নহয়, ৫১ হাজাৰ টকাত নিলামত বিক্ৰী হ’ল গামোচা৷ নলবাৰীৰ সানেকুছিৰ শ্ৰীশ্ৰী গোপাল গোঁসাইঘৰত বাৰ্ষিক উৎসৱত এই দামত নিলামত বিক্ৰী হ’ল এখন গামোচা ৷

আন এখন গামোচা বিক্ৰী হ’ল ১০ হাজাৰ টকাত৷ এই বাৰ্ষিক উৎসৱত এখন গামোচো আৰু মালাই ভাগৱত মেৰিয়াই গাঁওবাসীয়ে কৰে শোভাযাত্ৰা৷ এই গামোচাখনকেই প্ৰতিবছৰে নিলাম কৰা হয় ৷ এইবাৰ ভাগৱত মেৰিওৱা গামোচাখনৰ লগতে প্ৰণামীৰ ধন মেৰিয়াই থোৱা গামোচাও নিলাম হয় ৷

ভাগৱত মেৰিওৱা গামোচাখন নিলামত ৫১ হাজাৰ টকা আৰু প্ৰণামী ধন মেৰিয়াই থোৱা গামোচাখন নিলাম হয় ১০ হাজাৰ টকাত ৷ যোৱা ৩৩ বছৰ ধৰি চলি আহিছে এই পৰম্পৰা ৷

DA News Plus
Comments (0)
Add Comment