বিশিষ্ট শিক্ষাবিদ উমেশ কাকতিৰ মৃত্যু

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশিষ্ট শিক্ষাবিদ, শ্বিলঙ কলেজৰ প্ৰাক্তন উপাধ্যক্ষ উমেশ কাকতিৰ মঙলবাৰে সন্ধিয়া হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মহানগৰীৰ ৱায়াৰলেছস্থিত বাসগৃহত মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৪ বছৰ হৈছিল।

ওৰে জীৱন শিক্ষাৰ প্ৰসাৰৰ সৈতে জড়িত উমেশ কাকতি শ্বিলঙৰ অসমীয়া সমাজখনৰ সৈতে ওতঃপ্ৰোতভাৱে ব্যস্ত আছিল। মৃত্যুৰ সময়ত তেওঁ ২ পুত্ৰ আৰু ২ কন্যাৰ লগতে জোঁৱাই-বোৱাৰীৰ সৈতে কেইবাটাও নাতি-নাতিনী এৰি থৈ গৈছে। সৰবৰহী নাগৰিক উমেশ কাকতিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

AssamDA News PlusDeathGuwahatiUmesh Kakati
Comments (0)
Add Comment