নগাঁওবাসীক কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে ?

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে নগাঁৱত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ কলঙৰ বাকৰি নেহৰুবালীত অনুষ্ঠিত হৈ থকা ১০৯ সংখ্যক ভোগালী বিহু উৎসৱত অংশ গ্ৰহণ মুখ্যমন্ত্ৰী গৰাকীৰ ৷ মুখ্যমন্ত্ৰীক সংগ দিলে নগঞা বিধায়ক ৰূপক শৰ্মাই ৷ নগাঁৱত উপস্থিত হৈ চহৰখনৰ মাজমজিয়াত নতুনকৈ নিৰ্মাণ কৰা দলংখনৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ পাছতে কলঙৰ দাঁতিত পুনৰনিৰ্মাণ কৰা ৰাজহুৱা উদ্যান ‘অমৃত কানন’ৰো শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

কলঙৰ বাকৰিত অনুষ্ঠিত হৈ থকা ১০৯ সংখ্যক সদৌ নগাওঁ ভোগালী উৎসৱত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য-

‘ভোগালী বিহুয়ে আমাক চহকী জাতি বুলি পৰিচয় দিয়ে’
‘বিহুয়ে আমাৰ মাজত সমন্বয় বঢ়ায়’

নগাওঁ চহৰৰ উন্নয়ণ সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

এটা বছৰৰ ভিতৰত নগাওঁ চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হ’ব
৩ বছৰৰ ভিতৰত ঠন ধৰি উঠিব নগাঁও বিশ্ববিদ্যালয়ে
নগাওঁ চহৰৰ উন্নয়ণৰ বাবে ২০০ কোটি ব্যয় কৰিছে চৰকাৰে

ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাওঁ মহাবিদ্যালয়ৰো এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ লগতে সন্ধিয়ালৈ পুৰণি গুদামৰ মহামৃতঞ্জয় মন্দিৰো দৰ্শণ কৰে ৷ দেওঁবাৰে মুখ্যমন্ত্ৰী গৰাকীৰ নগাওঁ ভ্ৰমণৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে পুৱাৰ ভাগত বটদ্ৰৱা থানৰ প্ৰস্তাৱিত প্ৰকল্পৰ কথা বুজ লোৱাৰ লগতে উপস্থিত হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ৷

AssamCMDA News PlusNagaon
Comments (0)
Add Comment