কি মাছ খাব? উৰুকাৰ দিনা ঘৰতে লাভ কৰিব মন পছন্দৰ মাছ

ডিজিটেল ডেস্কঃ

উৰুকাৰ নিশা কি মাছ খাব আপুনি?
কোনখন বজাৰৰ পৰা মাছ ক্ৰয় কৰিব?
কোভিডৰ বাবে মাছ বজাৰৰ ভিৰ-ভাৰলৈ যাব মন নাই নেকি?

যদি নাই, তেন্তে চিন্তাৰ প্ৰয়োজন নাই
মীন বিভাগে আপোনালৈ আনিছে বিশেষ offer

ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। ইয়াৰ মাজতে আহিছে হেঁপাহৰ ভোগালী বিহু। ভোগালী বিহু বুলি কলেই মহানগৰবাসীৰ প্ৰথমে মনলৈ আহে উজান বজাৰ ঘাটৰ ডাঙৰ ডাঙৰ মাছ কেইটালৈ। পুৱাই মহানগৰবাসীয়ে মাছ ক্ৰয় কৰিবলৈ ভিৰ কৰে উজান বজাৰ ঘাটত। কিন্তু কোভিডৰ সময়ত এনে ভিৰ-ভাৰলৈ গলে কোভিড সংক্ৰমণ হোৱাৰো সম্ভাৱনা আছে। সেয়ে এনে ভিৰ-ভাৰলৈ নগৈ ঘৰতে বহি মাছ ক্রয়ৰ সুবিধা কৰিছে মীন বিভাগে।

Online ত মাছ ক্ৰয় কৰিব পাৰিব মহানগৰবাসীয়ে
ঘৰতে বহি Order দিব পাৰিব মনপচন্দৰ মাছ

ইয়াৰ বাবে
মীন বিভাগে মুকলি কৰিছে দুটা ৱেবচাইট

www.assamfishfed.org আৰু
www.fishfedmart.org

এই ৱেবচাইট দুটাৰ উপৰিও ফোন যোগেও মনপচন্দৰ মাছ order দিব পাৰিব মহানগৰবাসীয়ে।

9864355501 নম্বৰত ফোন কৰি Order দিব পাৰিব

Order দিয়াৰ আধা ঘণ্টাৰ পৰা এক ঘণ্টাৰ ভিতৰত Home Delivery কৰিব মীন বিভাগে।

ইমানেই নহয়, মহানগৰবাসীৰ সুবিধাৰ বাবে আৰু কোভিড সংক্ৰমণ ৰোধ কৰিবলৈ ভায়ম্যমান মাছ বিক্ৰিৰো ব্যৱস্থা কৰিছে মীন বিভাগে।
পাঞ্জাৱৰী, লাষ্ট গেট, নুনমাটি, মালিগাঁও আৰু ৰূপনগৰত

থাকিব ভায়ম্যমান মাছ বিক্ৰীৰ ব্যৱস্থা। মুঠৰ ওপৰত কোভিড সংক্ৰমণ ৰোধ কৰাৰ লগতে হেঁপাহৰ ভোগালী বিহু সকলোৰে আনন্দময় কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থা।

Bhogali_Bihucoronaviruscovid-19DA_News_Plusuruka
Comments (0)
Add Comment