DSP হ’ব লাভলীনা বৰগোঁহাই

ডিজিটেল ডেস্কঃ অৱশেষত খাকী পোছাক পিন্ধিবলৈ প্ৰস্তুত লাভলীনা বৰগোঁহাই। বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লাভলীনাই পৰিধান কৰিব DSPৰ পোছাক। জনতা ভৱনত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাষ্কৰজ্যোতি মহন্তও উপস্থিত থাকিব।

২০২১ বৰ্ষৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতে লাভলীনাক এই সন্মান প্ৰদান কৰা হৈছিল যদিও সেই সময়ত তেওঁ কৰ্মত যোগদান কৰা নাছিল। বিগত কিছুদিন ধৰি অসমত থাকি কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰা লাভলীনাই পেৰিচ অলিম্পিকত স্বৰ্ণ জয় কৰাৰ বাবে অনুশীলন অব্যাহত ৰাখিছে।

পাটিয়ালাত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা লাভলীনা অসমৰ পৰা ঘূৰি যোৱাৰ পূৰ্বেই যোগদান কৰিব উপ আৰক্ষী অধীক্ষক পদত। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যচৰকাৰৰ আন একাংশ মন্ত্ৰীও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ধিং এক্সপ্ৰেছ হিমা দাসৰ পিছত দ্বিতীয়বাৰৰ বাবে লাভলীনা বৰগোঁহাইক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয় এই সন্মান।

#DA_News_PlusAssamChief_MinisterDSPLovlina Borgohain
Comments (0)
Add Comment