তিনিটা দশকৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ডৰ সাক্ষী হ’ল নিউয়ৰ্ক

ডিজিটেল ডেস্কঃ নিউয়ৰ্কত খাণ্ডৱদাহ! তিনিটা দশকৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ডৰ সাক্ষী হ’ল নিউয়ৰ্ক। বহুমহলীয়া আৱাসিত অট্টালিকাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

জুই আৰু ধোঁৱাই চানি ধৰিলে বিস্তীৰ্ণ অঞ্চল। অগ্নিদগ্ধ হৈ ১৯জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে ৯টা শিশু। অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ২০০ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে ।

বহুমহলীয়া এপাৰ্টমেণ্টৰ প্ৰতিটো মহলাতে অসুস্থ আবাসীক উদ্ধাৰ অগ্নিনিৰ্বাপক বাহিনীৰ। গুৰুতৰভাৱে আহত বহুকেইজন লোকক চিকিত্সালয়ত ভৰ্তি কৰে। ১৩জনৰ অৱস্থা অতি সংকটজনক।

#NewYorkDA News PlusFire
Comments (0)
Add Comment