ক’ভিডক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ

ডিজিটেল ডেস্কঃ ৰাজ্য়ত প্ৰতিদিনে প্ৰায় ডেৰশকৈ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা৷ ফলত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ৷ আজি বিয়লি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এখন জৰুৰী বৈঠক৷ ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি ৰাজ্যত বন্ধ হ’ব পাৰে ১৫ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান৷ প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা এহাজাৰকৈ বৃদ্ধি পালে বলৱৎ কৰা হ’ব পাৰে নিষেধাজ্ঞা৷ ইফালে সান্ধ্য আইনৰ সময়ো সাল-সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷


Assam_CovidDA_News_Plus
Comments (0)
Add Comment