পুনৰ সৰ্বসাধাৰণক মাধমাৰ শোধাবলৈ সাজু হৈছে শক্তি বিভাগ

ডিজিটেল ডেস্কঃ বিদ্যুৎ মাচুল বৃদ্ধিৰ যো-জা চলাইছে APDCLয়ে ৷ লোকচানৰ অজুহাত দেখুৱাই বৃহৎ হাৰত বিদ্যুতৰ নিৰিখ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে APDCL-এ ৷ প্ৰতি ইউনিট বিদ্যুতৰ বাবদ ২৬.৪৯ শতাংশ নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰা হৈছে অসম বিদ্যুৎ নিয়ামক আয়োগক ৷

আয়োগে APDCLৰ এই প্ৰস্তাৱত অনুমোদন দিলে নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যবাসীয়ে বহন কৰিব লাগিব অতিৰিক্ত বিদ্যুৎ মাচুলৰ বোজা ৷ এই প্ৰস্তাৱ কাৰ্যকৰী হ’লে প্ৰতি ইউনিটত বাঢ়িব প্ৰায় ২ টকা ৷ কেৱল এয়াই নহয়, বিদ্যুৎ গ্ৰাহকৰ ফিক্সড্ চাৰ্জো বৃদ্ধিৰ বাবে যো-জা চলাইছে APDCL-এ ৷

APDCLDA News Plus
Comments (0)
Add Comment