গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুদিৱস

ডিজিটেল ডেস্কঃহস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুদিৱস। গোৱালপৰীয়া লোকগীতক জনপ্ৰিয় কৰি তোলা বিশিষ্ট শিল্পীগৰাকীক আজি ৰাজ্যবাসীয়ে সুঁৱৰিছে । প্ৰতিমা আছিল গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰখ্যাত হাতী বিশেষজ্ঞ প্ৰকৃতীশ চন্দ্ৰ বৰুৱাৰ কন্যা আৰু ভাৰতীয় চিনেমাৰ পিতামহ ‘দেৱদাস’ খ্যাত চলচ্চিত্ৰৰ পৰিচালক প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভতিজী। তেওঁৰ মাতৃৰ নাম আছিল মালতীবালা বৰুৱা। ৰাজপৰিয়ালৰ কন্যা হৈয়ো প্ৰতিমাই একেবাৰে চহা মানুহৰ দৰে জীৱন-যাপন কৰিবলৈ ভাল পাইছিল।
প্ৰতিমাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে কলিকতাৰ গোখেল মেমোৰিয়াল গাৰ্লস স্কুলত আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰে গৌৰীপুৰ বালিকা বিদ্যালয়ত। ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত উচ্চশিক্ষাৰ বাবে চাউথ কলিকতা গাৰ্লছ কলেজত ভৰ্তি হলেও লিখাপঢ়া শেষ নকৰিলে। লোকগীতৰ প্ৰেৰণা পাইছিলে ভৰতবালা ৰায়, শৰতবালা ৰায় আৰু সোনাইবালা ৰায়ৰ পৰা। লোকগীতৰ প্ৰথম শিক্ষক ভবেন ৰায়। তেওঁ প্ৰথম লোকগীত পৰিৱেশন কৰে ১৯৪৯ চনত কলিকতাৰ নিউ এম্পেয়াৰ থিয়েটাৰ হ’লত। ১৯৫৬ চনত ভূপেন হাজৰিকাৰ সংগীতত ‘এৰা বাটৰ সুৰ’ বোলছবি লোকগীত পৰিৱেশন কৰে। ১৯৫৭ চনত ‘মাহুত বন্ধুৰে’ চলচ্চিত্ৰত গীত গাই অসংখ্য মানুহৰ হৃদয় জয় কৰে।

ইয়াৰ উপৰি বিভিন্ন সময়ত পলাশেৰ ৰং, গজমুক্তা আৰু বগলাৰ বঙ্গদৰ্শন চিনেমাত গীত পৰিৱেশন কৰে। ১৯৬০ চনত আকাশবাণীত অ’ডিচন দি উত্তীৰ্ণ হয়। ১৯৬২ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক পুৰুষোত্তম দাসৰ সহায়তাত ‘একবাৰ হৰি বলো মন ৰসনা’ গীতটি তেখেতৰ প্ৰথম ৰেকৰ্ড হিচাবে প্ৰকাশিত হয়। ১৯৭৬ চনত প্ৰতিমা বৰুৱা পাণ্ডেই আকাশবাণীৰ শিল্পী হিচাবে স্বীকৃতি লাভ কৰে। তেওঁৰ মুঠ ৰেকৰ্ডভুক্ত গীতৰ সংখ্যা ৩২০টা। তেওঁ ১৯৬৯ চনত ১৬ ছেপ্টেম্বৰত গৌৰীপুৰ প্ৰমথেশচন্দ্ৰ বৰুৱা কলেজৰ ইংৰাজী অধ্যাপক গংগাশংকৰ পাণ্ডেৰ লগত বিবাহপাশত আবদ্ধ হয়। গোৱালপৰীয়া লোকগীতক সৰ্বস্তৰত জনপ্ৰিয় কৰি তোলাৰ বাবে ১৯৮৮ চনত ‘ভাৰত সংগীত নাটক একাডেমী’ পুৰস্কাৰ প্ৰদানেৰে তেওঁক সন্মান যঁচা হয়। ইয়াৰ উপৰি ১৯৭৭ চনত তেওঁ ‘অসম সাহিত্য সভা’ৰ পৰা ‘অসম শিল্পী’ সম্মান অৰ্জন কৰে।১৯৯১ চনত পদ্মশ্ৰী উপাধি লাভ কৰে হস্তীৰ কন্যাই।

১৯৯৩ চনত ‘আব্বাচ উদ্দীন স্মৰণ সমিতি’ৰ পৰা বিশেষ সম্বৰ্ধনা আৰু ২০০১ চনত উত্তৰবংগ বিশ্ববিদ্যালয়ে তেওঁক ডি. লিট. উপাধি প্ৰদান কৰে। ২০০২ চনৰ ২৭ ডিচেম্বৰ গুৱাহাটীত প্ৰতিমা বৰুৱা পাণ্ডেৰ মহাপ্ৰয়াণ ঘটে। এইগৰাকী মহান শিল্পীৰ মৃত্যুৰ পাছত ভূপেন হাজৰিকাই কৈছিল- “এটি জীৱনে যিখিনি দিব পাৰে তাতকৈ বহুগুণে বেছিকৈ দি গৈছে প্ৰতিমাই। জীৱনৰ প্ৰতিটো খোজতে লোকগীতেৰে ওপচাই তুলি মৃত্যুৰ পিনে আগুৱালে তেওঁ… ৰাখি গ’ল এক সুবিশাল ভঁৰাল। গোৱালপৰীয়া লোকগীতক বিশ্বৰ দৰবাৰত লৈ যাবলৈ মনপ্ৰাণ ঢালি দিছিলে তেওঁ। গাৰ্হস্থ্য জীৱনৰ কথা চিন্তা কৰা নাই কেতিয়াও, সাধাৰণ সাজপাৰ, অথচ কি অসাধাৰণ ব্যক্তিত্ব, সৌন্দৰ্য”।

BirthdayDA News PlusPratima Baruah Pandey
Comments (0)
Add Comment