প্রাক্তন সঞ্চালক, খেলুৱৈ- বিশিষ্ট ক্ৰীড়া সংগঠক দুৰ্গা প্ৰসাদ বৰাৰ মৃত্যুত শোকৰ ছাঁ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ উদ্যোগ বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক, প্ৰাক্তন খেলুৱৈ- বিশিষ্ট ক্ৰীড়া সংগঠক দুৰ্গা প্ৰসাদ বৰাৰ সোমবাৰে কভিড আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত গুৱাহাটীৰ শিলপুখুৰী নিবাসী বৰাৰ বয়স ৯৪ বছৰ হৈছিল আৰু তেওঁ পত্নী অনু বৰাৰ লগতে ৩গৰাকী কন্যা এৰি গৈছে।যাদৱপুৰ ইঞ্জিনীয়াৰিং কলেজৰ স্নাতক বৰাই উদ্যোগ বিভাগৰ বিভিন্ন প্ৰকল্প ৰূপায়ণত অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল।

প্ৰাক্তন টেনিছ – বেডমিণ্টন- Golf খেলুৱৈ দুৰ্গা প্ৰসাদ বৰা অসম টেনিছ সন্থাৰ একেৰাহে ১৬ বছৰ ধৰি সভাপতিৰ দায়িত্বত আছিল। কটন কলেজৰ ক্ৰিকেট দলৰ অধিনায়ক ৰূপে ক্ৰিকেট খেলা বৰা দুবছৰ অসমৰ বেডমিণ্টন চেম্পিয়ন আছিল। পৰৱৰ্তী সময়ত Golf খেলুৱৈ ৰূপেও তেওঁ সুনাম আৰ্জিছিল। বৰা গুৱাহাটীৰ প্রতিষ্ঠিত ইণ্ডিয়া ক্লাব আৰু গুৱাহাটী ক্লাবৰো প্ৰাক্তন সভাপতি আছিল।

বন্যপ্ৰাণী সংৰক্ষণতো সক্ৰিয় ভূমিকা লোৱা দুৰ্গা প্ৰসাদ বৰাই কাজিৰঙা Wild Life Society ৰো ছবছৰ ধৰি সভাপতিৰ দায়িত্ব বহন কৰিছিল। সমাজ হিতৈষী বৰাৰ মৃত্যুত অসম টেনিছ সন্থা, গুৱাহাটী লন টেনিছ সন্থা, কাজিৰঙা Wild Life Society, ইণ্ডিয়া ক্লাব, গুৱাহাটী ক্লাব আদি সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

DA_News_PlusDurga_Prashad_bora
Comments (0)
Add Comment