তেজৰ বিনিময়ত তেজ! এতিয়াৰ পৰা সাৰি নাযায় তেজৰ দালাল

ডিজিটেল ডেস্কঃ নগাঁৱত তেজক লৈ চলিছে দালালি। জিলাখনৰ বিভিন্ন স্থানত থকা ব্লাড বেংকত চলি থকা দালালিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আনন্দ মিশ্ৰ বাহিনী। অবৈধ বেহাৰ সৈতে জড়িতক সকীয়াই ক’লে তেজৰ বিনিময়ত তেজ দিব লাগিব দালাল বাহিনীয়ে।বৃহস্পতিবাৰে নগাঁৱৰ জি ডি ৰিচার্জ চেণ্টাৰ এণ্ড হস্পিতালত কৰ্মৰত অজয় দাস নামৰ যুৱকজনে তেজৰ নামত দালালি কৰা এটা অদিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতেই পোহৰলৈ আহিছে তেজ দালালিৰ ভয়ংকৰ তথ্য। লগে লগে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ তত্পৰ হৈ পৰিছে তেজ দালালৰ বিৰুদ্ধে। মিশ্ৰৰ স্পষ্ট মন্তব্য তেজৰ নামত দালালি বন্ধ কৰক নহ’লে তেজৰ বিনিময়ত উলিয়াব লাগিব তেজ। তেজৰ নামত দালালি কৰা কোনো দালাল সাৰি যাব নোৱাৰে আৰক্ষীৰ পৰা।

উল্লেখ্য যে, তেজৰ দালালে তেজৰ বাবে বাছি লয় একাংশ ড্ৰাগছ আসক্ত লোকক। ড্ৰাগছ আসক্ত লোকৰ পৰা তেজ লৈ সেই তেজেৰে কৰে দালালি। আনহাতে যি সমূহ চিকিৎসালয়ত তেজ দালালি হৈ আছে সেই সমূহ চিকিৎসালয় চীল কৰা হব বুলি মন্তব্য কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রয়ে।

#Anand_Mishra#Da News Plus#Nagaon
Comments (0)
Add Comment