বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনক লৈ উত্তপ্ত সদন

ডিজিটেল ডেস্কঃ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনক লৈ উত্তপ্ত সদন। বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ প্ৰস্তাৱ লোৱাৰ প্ৰয়োজনীয়তা আছে নে নাই?ৰাজ্যৰ অৰ্থনৈতিক মহাসংকটৰ কাৰণ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন । বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ প্ৰসংগক লৈ বিধানসভাত সৰৱ বিধায়ক অখিল গগৈ ৷ অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰী অজন্তা নেওগে ক’লে- বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পিছতো

কেন্দ্ৰৰ পৰা বৰ্তমান অধিক পুঁজি লাভ কৰিবলৈ সক্ষম হৈছে অসমে

বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উত্তৰক কটাক্ষ কৰি পুনৰ অখিল গগৈয়ে ক’লে- বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ কাৰণেহে

অসমৰ ঋণৰ বোজা এতিয়া বহুগুণ বৃদ্ধি পাইছে

অখিলৰ এই মন্তব্যৰ লগে লগে পুনৰ উত্তপ্ত সদন ৷ অখিল গগৈয়ে অপপ্ৰচাৰ চলাইছে বুলি সদনত মন্তব্য কৰিলে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ বিত্ত মন্ত্ৰীৰ মন্তব্যক প্ৰত্যাহ্বান জনাই বিষয়টো বিতৰ্কৰ কাৰণে প্ৰস্তাৱ দিলে বিৰোধী পক্ষই ৷
অতিষ্ঠ হৈ বহু কথা কৈ গ’ল অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷ বিধায়কসকলক বুজনিৰ চেষ্টা অধ্যক্ষৰ ৷ অধ্যক্ষৰ বুজনিৰ মাজতে অখিল গগৈয়ে ক’লে-

সদনত উত্তপ্ত পৰিস্থিতি সৃষ্টি নকৰিবলৈ বিজেপি বিধায়ককো বুজাই দিয়ক

এনেদৰে সদন উত্তপ্ত হৈ থকাৰ মাজতে পুনৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উত্তৰ ৷

বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ কাৰণে অসমৰ লোকচান হোৱা নাই
অপপ্ৰচাৰ চলাইছে অখিল গগৈয়ে


সদনত বিত্ত মন্ত্ৰীয়ে মিছা তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰিলে বিধায়ক অখিল গগৈয়ে ৷
বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনক লৈ এইবাৰ সদনত AIUDF বিধায়ক আমিনুল ইছলামৰ প্ৰশ্ন-

অসমৰ ঋণৰ বোজা দিনক দিনে বাঢ়িছে কিয়?


বিশেষ ৰাজ্যৰ মৰ্যাতা কৰ্তনক লৈ বিধানসভাৰ দ্বিতীয় দিনা এনেদৰেই উত্তাল হৈ পৰিল সদনৰ মজিয়া।

AssemblyDA News Plus
Comments (0)
Add Comment